স্পৰ্টছ ডেস্ক, 28 জুলাই : কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে ভাৰতীয় স্প্ৰীন্টাৰ দুতি চান্দ আৰু ক্ৰিকেটাৰ হৰভজন সিঙৰ মনোনয়ন নাকচ কৰিছে ৷ দুতি চান্দে অৰ্জুন সন্মান আৰু হৰভজন সিঙে খেল ৰত্ন সন্মানৰ বাবে মনোনয়ন প্ৰদান কৰিছিল ৷
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, দুয়ো গৰাকী খেলুৱৈৰ নিজ নিজ ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰিত সময়ত মনোনয়ন দাখিল নকৰা বাবে তেওঁলোকৰ নামসমূহ নাকচ কৰা হৈছে ৷ ইয়াৰোপৰি, দুতি চান্দে দখল কৰা পদকৰ তালিকা খন সঠিক ক্ৰমত নথকৰা বাবেও তেওঁৰ মনোনয়ন নাকচ হৈছে ৷
এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চান্দে জনায় যে, তেওঁ মুখ্যমন্ত্ৰী নবীন পাটনায়কক লগ কৰি পুনৰ মনোনয়ন পঠাবলৈ অনুৰোধ জনাইছে ৷ উল্লেখ্য যে, শেহতীয়াকৈ নাপোলিত অনুষ্ঠিত ওৱৰ্ল্ড ইউনিভাৰছিটী গেমছত 11.32 ছেকেণ্ড সময়েৰে 100 মিটাৰ শাখাত স্বৰ্ণ অৰ্জন কৰিছে চান্দে ৷