ETV Bharat / sports

Cristiano Ronaldo signs with Al Nassr : চৌদি আৰৱৰ আল নাছৰৰ হৈ খেলিব ৰোনাল্ডো - Football club Al Nassr

বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ফুটবলখেলুৱৈ হিচাপে পৰিগণিত হ'ল ক্ৰিষ্টিয়ানো ৰোনাল্ডো । চৌদি আৰৱৰ এটা ফুটবল ক্লাব আল-নাছৰৰ সৈতে দুবছৰীয়া চুক্তি সম্পন্ন কৰিছে তাৰকা খেলুৱৈগৰাকীয়ে (Cristiano Ronaldo signs with Al Nassr)। খেলুৱৈগৰাকীয়ে বছৰি ৭৫ নিযুত ডলাৰ লাভ কৰিব ।

Cristiano Ronaldo signs with Al Nassr
চৌদি আৰৱৰ আল নাছৰৰ হৈ খেলিব ৰোনাল্ডো
author img

By

Published : Dec 31, 2022, 12:55 PM IST

স্পৰ্টছ ডেস্ক,৩১ ডিচেম্বৰ : তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো চৌদি আৰৱৰ এটা ফুটবল ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈছে (Cristiano Ronaldo to play for Saudi Arabia club)। ফুটবল ক্লাব আল-নাছৰৰ সৈতে দুবছৰীয়া চুক্তি সম্পন্ন কৰিলে তাৰকা ষ্ট্ৰাইকাৰগৰাকীয়ে । প্ৰতিবেদন অনুসৰি, ক্লাবটোৱে শুকুৰবাৰে খেলুৱৈগৰাকীৰ সৈতে স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে । চুক্তি অনুসৰি ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে প্ৰতি বছৰে ৭৫ নিযুত ডলাৰ লাভ কৰিব । ইয়াৰ দ্বাৰা তেওঁ ইতিহাসৰ সৰ্বাধিক উপাৰ্জন কৰা ফুটবলখেলুৱৈ হিচাপেও পৰিগণিত হ'ব ।

ফুটবল ক্লাবটোৰ এক বিবৃতিত ৰোনাল্ডোৱে কয়, "মই এখন বেলেগ দেশত এটা নতুন ফুটবল লীগৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত । পুৰুষ আৰু মহিলা ফুটবলৰ ক্ষেত্ৰত চৌদি আৰৱত আল নাছৰ ক্লাবে যি ধৰণে কাম কৰি আছে ই অতি অনুপ্ৰেৰণাদায়ক । আমি বিশ্বকাপত চৌদি আৰৱৰ শেহতীয়া প্ৰদৰ্শন দেখিবলৈ পাইছো । এইখন এখন বৃহৎ ফুটবল উচ্চাকাংক্ষা আৰু যথেষ্ট সম্ভাৱনা থকা দেশ (Cristiano Ronaldo on new signs with Al Nassr)।"

"মই সৌভাগ্যৱান যে মই ইউৰোপীয় ফুটবলত জয়ী হোৱাৰ বাবে সকলোখিনি কৰিছো আৰু এতিয়া অনুভৱ কৰিছো যে এছিয়া মহাদেশত মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ এইটো সঠিক মুহূৰ্ত । মই মোৰ নতুন সতীৰ্থসকলৰ সৈতে দলটোত অংশগ্ৰহণ কৰিবলৈ ৰৈ আছো আৰু তেওঁলোকৰ সৈতে একেলগে ক্লাবটোৰ সফলতা অৰ্জনৰ বাবে সহায় কৰিবলৈ গভীৰ আগ্ৰহেৰে বাট চাই আছো ।"

উল্লেখ্য যে ৰোনাল্ডোৰ সৈতে মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে শেহতীয়াকৈ চুক্তি বাতিলৰ সিদ্ধান্ত লৈছিল (Ronaldo Termination of contract with Manchester United)। যোৱা মাহত ৰোনাল্ডোৰ বিতৰ্কিত টিভি সাক্ষাৎকাৰৰ পাছতে চুক্তি বাতিল কৰিবলৈ সন্মত হৈছিল ক্লাবটো । কিয়নো তেওঁ ক্লাবৰ মেনেজাৰ এৰিক টেন হেগ আৰু মালিক, গ্লেজাৰ্ছ পৰিয়ালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল । ৰোনাল্ডোৱে ক্লাবটোক সমালোচনা কৰিছিল আৰু কৈছিল যে ইয়াৰ মেনেজাৰ টেন হেগৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই ।

ইফালে পৰ্তুগালৰ তাৰকাগৰাকীক এই মাহৰ আৰম্ভণিতে তেওঁৰ পূৰ্বৰ ক্লাব ৰিয়েল মাদ্ৰিদৰ প্ৰশিক্ষণ খেলপথাৰত অকলে প্ৰশিক্ষণ লোৱা দেখা গৈছিল । য'ত তেওঁ নিজৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত ল'বলৈ নিজকে প্ৰস্তুত কৰিছিল । ৫ খন বিশ্বকাপত গ'ল কৰা একমাত্ৰ খেলুৱৈ হোৱা স্বত্বেও ২০২২ৰ ফিফা বিশ্বকাপত ৰোনাল্ডোক ভাগ্যই লগ নিদিলে । ফুটবল প্ৰেমীক আচৰিত কৰি পৰ্তুগাল মৰক্কোৰ হাতত ১-০ গ'লত পৰাজিত হৈছিল ।

পাঁচবাৰৰ বেলন ডি'অৰ সন্মান লাভ কৰা খেলুৱৈগৰাকীয়ে পৰাজয়ৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ভৱিষ্যতৰ বিষয়ে কোনো কথা কোৱা নাছিল । তেওঁ কৈছিল যে তেওঁ কেতিয়াও সতীৰ্থ আৰু তেওঁৰ দেশৰ ফালে পিঠি নিদিয়ে । সময়ে সকলো সিদ্ধান্ত ল'ব বুলিও তেওঁ উল্লেখ কৰিছিল ।

উল্লেখ্য যে আল নাছৰ ক্লাবটো ৰিয়াদৰ আৰু চৌদি প্ৰ' লীগৰ হৈ খেলে (Football club Al Nassr)। দেশৰ শীৰ্ষ ফ্লাইট ক্লাব ফুটবলৰ ভিতৰত ই দ্বিতীয় সৰ্বাধিক ধনী লীগ বুলিও কোৱা হয় ।

আল-নাছৰৰ সভাপতি মুছালি আলমুয়াম্মাৰে ৰোলাল্ডোৰ চুক্তি সন্দৰ্ভত কয় যে এই চুক্তিয়ে তেওঁলোকৰ ক্লাবক আৰু অধিক সফলতা অৰ্জন কৰাত সহায় কৰাই নহয় লীগ, দেশ আৰু ভৱিষ্যত প্ৰজন্মক নিজৰ সৰ্বশ্ৰেষ্ঠ সংস্কৰণ হ'বলৈ অনুপ্ৰাণিত কৰিব । ক্ৰিষ্টিয়ানো ৰোনাল্ডোক উচ্চ প্ৰশংসাও কৰে সভাপতিগৰাকীয়ে । ক্লাবটোৰ হৈ ৭ নম্বৰ জাৰ্চীত তেওঁৰ উন্নত প্ৰদৰ্শন চাবলৈ তেওঁ আগ্ৰহী বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :Brazil Legend Footballer Pele : কিংবদন্তি ফুটবলাৰ পেলেৰ বিষয়ে কিছু কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.