ETV Bharat / sports

কোভিড-19ৰ ফলত 100 মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ লোকচানৰ সন্মুখীন হ'ব এনআৰএলৰ ক্ৰীড়াবিদ

নেশ্বনেল ৰাগবী লীগ, এনআৰএলৰ খেলুৱৈসকলে আগন্তুক দুবছৰত প্ৰায় 100 মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰৰ পে কাটৰ সন্মুখীন হ'ব ৷ কোভিড-19ৰ ফলত লীগে ইয়াৰ খেলুৱৈসকলৰ বাবে অতিৰিক্তভাৱে 2021ৰ পৰা 2022ৰ ভিতৰত অতি কমেও 400 মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ (291.1 মিলিয়ন আমেৰিকান ডলাৰ)ৰ অতিৰিক্ত খৰচ বহন কৰিব লাগিব বুলি প্ৰকাশ কৰিছে ৷

author img

By

Published : Sep 14, 2020, 5:26 PM IST

অষ্ট্ৰেলিয়াৰ নেশ্বনেল ৰাগবী লীগ
অষ্ট্ৰেলিয়াৰ নেশ্বনেল ৰাগবী লীগ

স্পৰ্টছ ডেস্ক, 14 ছেপ্তেম্বৰ : অষ্ট্ৰেলিয়াৰ নেশ্বনেল ৰাগবী লীগে ইয়াৰ খেলুৱৈসকলৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 100 মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ পে কাটৰ কথা ঘোষণা কৰিছে ৷ কোভিড-19 মহামাৰীৰ বাবে দেখা দিয়া বিত্তীয় সমস্যাৰ ফলতেই এইদৰে খেলুৱৈসকলৰ দৰমহাৰ পৰা অতিৰিক্ত ধন অধিগ্ৰহণৰ কথা প্ৰকাশ কৰিছে বিশ্বৰ অন্যতম খেল সংস্থাটোৱে ৷

লীগে প্ৰকাশ কৰা অনুসৰি, কোভিড-19ৰ ফলত 2021ৰ পৰা 2022ৰ ভিতৰত সংস্থাটোৱে ইয়াৰ খেলুৱৈসকলৰ বাবে অতিৰিক্তভাৱে 400 মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰৰ ব্যয় ভৰিব লাগিব ৷ লীগৰ অন্তৰ্ভুক্ত খেলুৱৈসকলে খেলৰ সম্পূৰ্ণ ৰাজহ চক্ৰৰ পৰা 29.5 শতাংশ ধন লাভ কৰে যদিও কোভিড-19 মহামাৰীৰ ফলত এইবাৰ লীগে খেলুৱৈসকলৰ পৰা এইদৰে অতিৰিক্ত ধন কৰ্তন কৰাৰ কথা প্ৰকাশ কৰে ৷

অষ্ট্ৰেলিয়াৰ নেশ্বনেল ৰাগবী লীগ
100 মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ লোকচানৰ সন্মুখীন হ'ব এনআৰএলৰ ক্ৰীড়াবিদ

চলিত বৰ্ষত এনআৰএলে খেলুৱৈসকলৰ পৰা 10 শতাংশ অতিৰিক্ত কৰ্তন কৰাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে ৷ কিন্তু চলিত বৰ্ষৰ প্ৰতিযোগিতাখন আৰম্ভ কৰিবলৈ 20 শতাংশ ধন কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাবে বাধ্য হয় ক্ৰীড়া সংস্থাটো ৷ যাৰ ফলত এইদৰে অতিৰিক্ত ধন কৰ্তনৰ সিদ্ধান্তৰ বিষয়ে সংস্থাই প্ৰকাশ কৰে ৷

প্ৰতিযোগিতাৰ চূড়ান্ত ফাইনেল খেলখনলৈ মাজত এসপ্তাহ সময় বাকী থকা অৱস্থাতে লীগৰ অধ্যক্ষ পিটাৰ ভি লেণ্ডীয়ে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে এই সমস্যাৰ সৈতে মুখামুখি হ'বলৈ তেওঁলোক সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : ইউ এছ অ’পেনৰ চেম্পিয়ন নাওমী অ’ছাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.