স্পৰ্টছ ডেস্ক, 20 জুলাই : উৰিষ্যাৰ কটকৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 21 সংখ্যক টেবুল টেনিছ চেম্পিয়নশ্বিপত শুকুৰবাৰে ভাৰতৰ মহিলা আৰু পুৰুষ দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ দুয়ো দলে সুন্দৰ প্ৰদৰ্শনেৰে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷
ভাৰতীয় মহিলা দলটোৱে ডিফেণ্ডিং চেম্পিয়ন ছিংগাপুৰক 3 - 0 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ দলটোৰ হৈ অৰ্চনা কামাথ, মনিকা বাট্ৰা আৰু মাধুৰিকাই ছিংগাপুৰৰ প্ৰতিদ্বন্দীক ধৰাশায়ী কৰে ৷
আনহাতে, পুৰুষৰ দলটোৱে ইংলেণ্ড দলক 3 - 2 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ ভাৰতীয় দলৰ হৈ হৰমীট দেশাই, জি. ছাথিয়ান আৰু শৰথে ইংলেণ্ড দলৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হয় ৷