স্প'ৰ্টছ ডেস্ক , ২০ ডিচেম্বৰ : জাৰ্মানীৰ কোলনত অনুষ্ঠিত বক্সিং বিশ্বকাপত ভাৰতীয় মল্লযোদ্ধাই অৰ্জন কৰিলে ৩ টা সোণৰ পদক, ২ টা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদক । ৩ টা সোণৰ পদক ক্ৰমে অমিত পাংগাল, মনীষা মৌন আৰু চিমৰণজিৎ কৌৰে লাভ কৰি ৬৭ দিনীয়া ইউৰোপীয় প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ অভিযান সফল ৰূপত সমাপ্ত কৰে ।
ইটালীত শক্তিশালী প্ৰস্তুতিৰ পিছতে ৫ গৰাকী মহিলা আৰু ৮ জন মল্লযোদ্ধাই "Cologne Boxing World Cup" ৰ বাবে তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল । ভাৰতীয় বক্সাৰ তথা AIBA Women's World Boxing Championshipৰ ব্ৰঞ্জ পদক বিজয়ী চিমৰনজিৎ কৌৰ বাথে ছেমিফাইনেলত উন্নত প্ৰদৰ্শনৰ পিছতে মায়া ক্লেনহনছৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হয় । ফাইনেলত ২৫ বছৰীয়া ভাৰতীয় বক্সাৰ গৰাকীয়ে জাৰ্মানী প্ৰতিদ্বন্দ্বীক কেইটামান স্পষ্ট পাঞ্চেৰে ধৰাশায়ী কৰে । ভাৰতীয় খেলুৱৈ গৰাকীয়ে সময়ৰ সঠিক ব্য়ৱহাৰ কৰি যুঁজৰ সময় সফলতাৰে হ্ৰাস কৰি আনে আৰু ৬০ কেজিৰ শিতানত বিজয় পদক লাভ কৰিবলৈ সক্ষম হয় ।
-
Congratulations to Sakshi Chaudhary on winning the silver medal 🥈 at the Cologne Boxing World Cup. 👏🥊#vkf #boxing@imVkohli @BFI_official pic.twitter.com/tYYHDGQjxs
— Virat Kohli Foundation (@vkfofficial) December 20, 2020 " class="align-text-top noRightClick twitterSection" data="
">Congratulations to Sakshi Chaudhary on winning the silver medal 🥈 at the Cologne Boxing World Cup. 👏🥊#vkf #boxing@imVkohli @BFI_official pic.twitter.com/tYYHDGQjxs
— Virat Kohli Foundation (@vkfofficial) December 20, 2020Congratulations to Sakshi Chaudhary on winning the silver medal 🥈 at the Cologne Boxing World Cup. 👏🥊#vkf #boxing@imVkohli @BFI_official pic.twitter.com/tYYHDGQjxs
— Virat Kohli Foundation (@vkfofficial) December 20, 2020
আনফালে ৫৭ কেজিৰ শিতানত দুই ভাৰতীয় ক্ৰমে মনীষা মৌন আৰু দুবাৰকৈ AIBA Women's Youth World Champion ৰ খিতাপ লাভ কৰা সাক্ষী চৌধাৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায় । সাক্ষীয়ে প্ৰথম ৰাউণ্ডতে কেইবাটাও শক্তিশালী ঘোচাৰে প্ৰতিপক্ষক পৰাভূত কৰিবলৈ সক্ষম হয় । কিন্তু এই ৰোমাঞ্চকৰ খেলত দ্বিতীয় ৰাউণ্ডৰ পিছত মনীষা কিছু আগবাঢ়ে আৰু এটা সময়ত ৩:২ পইন্ট লাভ কৰাৰ পিছত পুনৰ প্ৰতিদ্বন্দিতালৈ ঘূৰি আহিবলৈ সাক্ষীক সুযোগ নিদিলে মনীষাই । লগে লগে সাক্ষীয়ে ৰূপৰ পদকেৰে কোলোনৰ যাত্ৰা শেষ কৰিব লগীয়া হয় ।
২০১৮ বৰ্ষৰ এছিয়ান গেমছ্ত সোণৰ পদক লাভ কৰা আৰু ২০১৯ ৰ এএচবিচি এছিয়ান ছেম্পিয়নশ্বিপৰ বিজয়ী পাংগালে পুৰুষৰ ৫২ কেজি শাখাত ৰাউণ্ড-ৰোবিন প্ৰতিযোগিতাত জয়ী হয় । ২৫ বছৰীয়া ভাৰতীয় খেলুৱৈজনে মুখ্য় প্ৰতিদ্বন্দী ফ্ৰাঞ্চৰ এআইবিচি বিশ্ব মল্লযোদ্ধা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী বিল্লাল বেনম্মাক হৰুৱাই ফাইনেললৈ যায় । তেওঁ ফাইনেলত জাৰ্মান প্ৰতিদ্বন্দীৰ বিৰুদ্ধে অতি সহজে বিজয় সাব্য়স্ত কৰে ।
ভাৰতৰে চুপাৰ হেবিৱেট ৯১ কেজিৰ উৰ্ধৰ মল্লযোদ্ধা সতীশ কুমাৰে ছেমিফাইনেলত ফ্ৰাঞ্চৰ জেমিলী দিনি মৌইন্ডেজক হৰুৱাই যদিও আবেগিকভাৱে এই প্ৰতিযোগিতা সামৰিবলগীয়া হয় কাৰণ দুৰ্ভাগ্য়বশত ৰূপৰ পদকৰ বাবে হোৱা চূড়ান্ত সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈছিল সতীশ কুমাৰ । যাৰ বাবে জাৰ্মানীৰ নেল্বিয়া টিয়াফেকৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত পিছ হুহকি আহিবলগীয়া হয় । আনফালে এই প্ৰতিযোগিতাত চোনিয়া লাঠৰে ৫৭ কেজি, পূজা ৰাণী ৭৫ কেজি, গৌৰৱ চৌলাংকী ৫৭ কেজি আৰু মহম্মদ হুছামুদ্দিনে ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ।
লগতে পঢ়ক : AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ