ETV Bharat / sports

খেলুৱৈৰ ড'পিং পৰীক্ষাত ম্যাদ উকলা সামগ্ৰী ব্যৱহাৰ কৰা হয় নেকি ! - নেশ্যনেল এন্টি ড’পিং এজেন্সি

নেশ্যনেল এন্টি ড’পিং এজেন্সিয়ে কৰা ড'পিং পৰীক্ষাত ম্যাদ উকলা সামগ্ৰী ব্যৱহাৰ কৰা হয় নেকি ! এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াই ৷

Bajrang Punia allegation against anti doping body
খেলুৱৈক কৰা ড'পিং পৰীক্ষাত ম্যাদ উকলা সামগ্ৰী ব্যৱহাৰ কৰা হয় নেকি
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 11:57 AM IST

নিউজ ডেস্ক, 14 ডিচেম্বৰ : খেলুৱৈসকলে ড'পিং পৰীক্ষা কৰোতে সাৱধান ৷ নেশ্যনেল এন্টি ড’পিং এজেন্সিয়ে কৰা এণ্টি ড'পিং পৰীক্ষাত ম্যাদ উকলি যোৱা সামগ্ৰী ব্যৱহাৰ কৰে ! এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াই ৷

মল্লযোদ্ধা বজৰঙে ড’প পৰীক্ষাত ব্যৱহাৰ কৰা চিৰিঞ্জ আৰু সামগ্ৰীৰ তাৰিখৰ কথা উল্লেখ কৰি X ত শ্বেয়াৰ কৰিছে এক ভিডিঅ’ ৷ য’ত তেওঁ কয়, ‘‘এয়া যিকোনো লোকৰ ক্ষেত্ৰত হ'ব পাৰে ৷ বিশেষকৈ কনিষ্ঠ খেলুৱৈসকলৰ ক্ষেত্ৰত ৷ অনুগ্ৰহ কৰি ড'পিং সম্পৰ্কীয় আপোনাৰ অধিকাৰ আৰু প্ৰক্ৰিয়াৰ বিষয়ে অৱগত হওঁক ৷ আমি সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছো আৰু এনে প্ৰক্ৰিয়াৰ সময়ত খেলুৱৈসকলক সতৰ্ক হ'বলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈও অনুৰোধ জনাইছো ৷"

  • यह हम सभी के देखने और विचार करने के लिए बहुत महत्वपूर्ण वीडियो है। यदि प्रक्रिया का पालन नहीं किया गया तो सिस्टम पर भरोसा कैसे किया जाए। कोई यह कैसे सुनिश्चित कर सकता है कि पूरी प्रक्रिया में कोई हेराफेरी नहीं हुई है। यह किसी के साथ भी हो सकता है, खासकर जूनियर एथलीटों के साथ।… pic.twitter.com/weMSNGPq0m

    — Bajrang Punia 🇮🇳 (@BajrangPunia) December 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বুধবাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’ত এগৰাকী মহিলা মল্লযোদ্ধাৰ উদাহৰণ দাঙি ধৰে সিঙে কয়,"মই নামটো নলওঁ কিন্তু এজনী ছোৱালী আছে, যাক ব্ৰীজ ভূষণে ড'পিং নেটত আৱদ্ধ কৰি ৰাখিছিল ৷’’

2 মিনিটৰো অধিক সেই বিশেষ ভিডিঅ’ত পুনিয়াই উল্লেখ কৰা প্ৰতিটো কথাত এতিয়া চিন্তিত হৈছে ভাৰতীয় খেলুৱৈসকল ৷ মল্লযোদ্ধা পুনিয়াই অভিযোগ কৰাৰ দৰে যদি খেলুৱৈসকলৰ ড’পিং পৰীক্ষাত এন এ ডি এয়ে ম্যাদ উকলি যোৱা সামগ্ৰী ব্যৱহাৰ কৰে তেতিয়া হ’ল বহু খেলুৱৈক অন্যায় কৰা নহ’ব নে ! আনহাতে এই ক্ষেত্ৰত ভাৰতীয় কুস্তি ফেডাৰেশ্যনে কি ক’ব ! সেয়াও লক্ষণীয় বিষয় হ’ব ৷

উল্লেখ্য যে, বিগত জানুৱাৰী মাহত ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ তেতিয়াৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ভাৰতীয় মল্লযোদ্ধাসকলে, আৰু সেই প্ৰতিবাদৰ নেতৃত্ব দিছিল পুনিয়াই ৷

লগতে পঢ়ক : কেনেকৈ প্ৰত্যাৱৰ্তন কৰিম ? নিজৰ মানসিক অৱস্থাৰ বিষয়ে প্ৰকাশ ৰোহিত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.