ETV Bharat / sports

Indian Womens Football Team to Sweden : ভাৰতীয় মহিলা ফুটবল দলৰ নেতৃত্বত অসম কন্যা অপূৰ্ণা নাৰ্জাৰী - Pramod Boro congratulates Apurna Narzary

দোতমা হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক পিতৃ বিশ্বজিৎ দৈমাৰী আৰু মাতৃ সতীবালা বসুমতাৰীৰ চাৰি সন্তানৰ ভিতৰত তৃতীয় সন্তান অপূৰ্ণা নাৰ্জাৰী ৷ দোতমা বডোফা ইউএন ব্ৰহ্ম মহাবিদ্যালয়ৰ স্নাতকৰৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়নৰত তেওঁ ৷

Indian Womens Football Team to Sweden
Indian Womens Football Team to Sweden
author img

By

Published : Jun 26, 2023, 1:49 PM IST

স্পৰ্টছ ডেস্ক, ২৬ জুন : দেশৰ ক্ৰীড়া ক্ষেত্ৰত পুনৰ এবাৰ উজলি উঠিছে অসম সন্তান । এইবাৰ মহিলা ফুটবলত অসমক গৌৰৱান্বিত কৰিলে এগৰাকী অসম কন্যাই । ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে অসম জীয়াৰী অপূৰ্ণা নাৰ্জাৰী । ছুইডেনৰ বিৰুদ্ধে খেলিবলগীয়া দলটোৰ নেতৃত্ব দিব অপূৰ্ণাই ।

কোকৰাঝাৰৰ এইগৰাকী প্ৰতিভাৱান ফুটবলাৰ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক মিৰ্বাচিত হোৱাৰ খবৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে টুইটাৰযোগে নিশ্চিত কৰিছে ।

টুইটাৰত তেওঁ লিখিছে, "অসম তথা বিটিআৰৰ বাবে এক গৌৰৱৰ দিন । কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰীয়ে আগন্তুক ছুইডেনত অনুষ্ঠিত হ'বলগীয়া খেলসমূহৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক নেতৃত্ব দিব । অপূৰ্ণাক অভিনন্দন জনাইছোঁ । লগতে তেওঁৰ নেতৃত্বত ভাৰতীয় দলটোৱে গৌৰৱ অৰ্জন কৰিব বুলি আশা কৰিলোঁ । আমাৰ প্ৰাৰ্থনা আৰু শুভেচ্ছা তেওঁৰ সৈতে আছে ।"

আনহাতে অপূৰ্ণা নাৰ্জাৰীৰ এই সফলতাত শুভেচ্ছা জনাই শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে লিখিছে, "আমাৰ বাবে এইটো এটা ডাঙৰ খবৰ । কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰীয়ে ছুইডেনত খেলিবলৈ যাবলগীয়া ভাৰতীয় মহিলা ফুটবল দলটোৰ অধিনায়ক নিৰ্বাচিত হৈছে ।"

উল্লেখ্য, চলিত বছৰৰ মাৰ্চ মাহত অসম কন্যা অপূৰ্ণা নাৰ্জাৰীৰ নেতৃত্বত ভাৰতীয় মহিলা ফুটবল দলটোৱে ভিয়েটনামত ছিংগাপুৰক ৭-০ বিশাল ব্যৱধানত পৰাস্ত কৰিছিল । বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ সদৰ চহৰৰ পৰা ১০ কিলামিটাৰ নিলগৰ বনগাঁৱৰ খাগ্ৰাবাৰী নিবাসী বিশ্বজিত নাৰ্জাৰীৰ কন্যা হৈছে অপূৰ্ণা নাৰ্জাৰী ৷ ফুটবল খেলৰ প্ৰতি সৰুৰে পৰা থকা আকৰ্ষণ আৰু দুৰ্বলতাই যেন অপূৰ্ণাক আজিৰ এই পৰ্যায়ত উপনীত কৰালে ৷

আনহাতে, অপূৰ্ণা নাৰ্জাৰীয়ে এএফচি অনূৰ্ধ্ব-২০ এছিয়ান কাপ কোৱালিফায়াৰৰ প্ৰথম ৰাউণ্ডত মহিলা দলটোক নেতৃত্ব প্ৰদান কৰি বিশাল বিজয় সাব্যস্ত কৰিছিল ।

উল্লেখ্য যে দোতমা হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক পিতৃ বিশ্বজিৎ দৈমাৰী আৰু মাতৃ সতীবালা বসুমতাৰীৰ চাৰিটাকৈ কন্যা সন্তানৰ ভিতৰত তৃতীয় সন্তান অপূৰ্ণা নাৰ্জাৰী ৷ দোতমা বডোফা ইউএন ব্ৰহ্ম মহাবিদ্যালয়ৰ স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়নৰত তেওঁ ৷ ইপিনে কন্যাৰ সাফল্যত আনন্দিত আৰু গৌৰৱান্বিত পিতৃ বিশ্বজিৎ নাৰ্জাৰী আৰু মাতৃ সতীবালা বসুমতাৰী ৷

লগতে পঢ়ক :Anshuraj Dutta wins gold: ৰাষ্ট্ৰীয় ভাৰোত্তোলনত সোণৰ পদক অৰ্জন অংশুৰাজ দত্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.