নগাঁও, 1 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতালৈ সাজু হৈছে অসমৰ বহুকেইগৰাকী খেলুৱৈ ৷ বিগত বৰ্ষসমূহৰ দৰে আগন্তুক বৰ্ষত বহুকেইগৰাকী অসমীয়া খেলুৱৈয়ে ভাগ ল'ব আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত ৷ এই কথা ঘোষণা কৰিছে সদৌ অসম এমেচাৰ বক্সিং সন্থাই ৷
লগতে পঢ়কঃ ডেভিদ ৱাৰ্ণাৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক
শনিবাৰে নগাঁৱত অনুষ্ঠিত হৈ যায় সদৌ অসম এমেচাৰ বক্সিং সন্থাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা ৷ নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সভাত বক্সিং খেলুৱৈসকলক লৈ বিশদ আলোচনা অনুষ্ঠিত হয় ৷ সভাতেই অসমৰ বহুকেইগৰাকী খেলুৱৈয়ে আগন্তুক বৰ্ষত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সন্থাৰ বিষয়বৱীয়াই ৷
লগতে পঢ়কঃ টেষ্টত 73 বছৰীয়া অভিলেখ ভংগ ষ্টিভ স্মিথৰ