ETV Bharat / sports

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ : গুৱাহাটীত আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট

শেহতীয়াকৈ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টে । বিশ্বৰ নামী - দামী তাৰকাই অংশগ্ৰহণ কৰিবলগীয়া এই টুৰ্ণামেন্ট অহা ২০ মে'ৰ পৰা ২৪ মে'লৈ পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ'ব । শিব থাপা, মেৰী কমৰ লগতে বটোৰভ ব'বৰ দৰে তাৰকা এই প্ৰতিযোগিতাত উপস্থিত থাকিব ।

author img

By

Published : May 19, 2019, 5:42 PM IST

গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট

গুৱাহাটী, ১৯ মে: গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অহা ২০ মে'ৰ পৰা ২৪ মে'লৈ অনুষ্ঠিত হ'ব দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট । এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী নামী - দামী বক্সিং খেলুৱৈয়ে । এছিয়ান গেমছত স্বৰ্ণ পদকজয়ী বটোৰভ ব'ব আৰু অলিম্পিকৰ বাবে নিৰ্বাচিত বহু কেইজন ৱৰ্ল্ড চেম্পিয়নেও টুৰ্ণামেন্টটোত অংশগ্ৰহণ কৰিব । চাৰিবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপত পদক দখল কৰা অসমৰ শিৱ থাপাৰ লগতে অসমৰ আন ৬ জনকৈ বক্সাৰে প্ৰতিযোগিতা খনত অংশ ল'ব বুলি জানিব পৰা গৈছে ।

ভাৰতৰ সৰ্বমুঠ পুৰুষৰ ৩৮ গৰাকী আৰু মহিলাৰ ৩৭ গৰাকী বক্সাৰে প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি ইটালী, পোলেণ্ড, আৰ্জেন্টিনা, থাইলেণ্ডৰ লগতে বিশ্বৰ মুঠ ১৬ খনকৈ দেশে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতা খন পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ'ব । এই টুৰ্ণামেন্টখন ভাৰত চৰকাৰৰ "মিনিষ্ট্ৰী অফ য়ুথ এফেয়াৰ্ছ" আৰু "স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া"ৰ অধীনত অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি প্ৰতিযোগিতা খনত উপস্থিত থাকিব ভাৰতীয় বক্সিং তাৰকা মেৰী কম আৰু এছিয়ান চেম্পিয়নশ্বিপৰ পদক দখলকাৰী পূজা ৰাণী, ভাগৱতী কাচন, মানিশা মৌন আৰু চিমৰণজিৎ কৌৰ ।

Intro:২য় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট অহা ২০ ৰ পৰা ২৪ মে'লৈ কৰ্মবিৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উক্ত টুৰ্ণামেণ্টখনত এছিয়ান গেমছ গল্ড মেডেলিষ্ট বটোৰভ ব'বৰ লগতে আন কেইবাজনো অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা ৱৰ্ল্ড চেম্পিয়নক দেখিবলৈ পোৱা যাব।

Body:ইফালে চাৰিবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপত মেডেল লাভ কৰা অসমৰ শিৱ থাপাই অসমৰ ৬ জনকৈ বক্সাৰক প্ৰতিনিধিত্ব কৰিব। ভাৰতৰ পুৰুষৰ ৩৮ আৰু মহিলাৰ ৩৭ গৰাকীৰ বক্সাৰৰ লগতে ইটালী, পোলেণ্ড, আৰ্জেন্টিনা, থাইলেণ্ডৰ লগতে বিশ্বৰ মুঠ ১৬ খনকৈ দেশে প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিব।

পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই বক্সিং টুৰ্ণামেন্টখন "ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ য়ুথ এফেয়াৰ্ছ" আৰু "স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ" অধীনত অনুষ্ঠিত কৰা হৈছে। অসম চৰকাৰে এই টুৰ্ণামেণ্টখন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে যথেষ্ট সমৰ্থন কৰিছে।
Conclusion:ইয়াৰোপৰি লণ্ডন অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট মেৰী কমৰ লগতে এছিয়ান চেমিয়নশ্বিপ পূজা ৰাণী, ভাগৱতী কাচন, মানিশা মৌন আৰু চিমৰণজিৎ কৌৰে এই টুৰ্ণামেণ্টখন উপভোগ কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.