গুৱাহাটী, 11 জানুৱাৰী : খেলো ইণ্ডিয়া, 2020 ৰ তৃতীয় সংস্কৰণত ৰাজ্যলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে জিমনাষ্ট উপাশা তালুকদাৰে । শুকুৰবাৰে অসমৰ হৈ প্ৰথমটো পদক লাভ কৰা উপাশাই শনিবাৰে পুৱাৰ ভাগতে লাভ কৰে দ্বিতীয়টো পদক ৷
দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত জিমনাষ্টিক প্ৰতিযোগিতাত আন এটা ব্ৰঞ্জ পদক দখল কৰে উপাসাই ৷ উল্লেখ্য যে, বৰ্তমানলৈকে অসমৰ হৈ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ হৈছে উপাশা ৷
আৰু পঢ়ক : খেল’ ইণ্ডিয়া 2020: প্ৰথম দিনৰ অন্তত পদক তালিকাৰ শীৰ্ষত ত্ৰিপুৰা