ETV Bharat / sports

মহিলা হকী দলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jun 24, 2019, 3:25 PM IST

এফ আই এইছ ছিৰিজ ফাইনেলত জয়ী হোৱাৰ পাছতে ভাৰতীয় মহিলা হকী দলক শুভেচ্ছাৰে উপচাই পেলাইছে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 24 জুন : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এফ আই এইছ ছিৰিজ ফাইনেলত বিজয় সাব্যস্ত কৰা ভাৰতীয় মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰে ৷ এক টুইটৰ জৰিয়তে দলটোক অভিবাদন জনোৱাৰ লগতে এই জয়ে হকীক বিখ্যাত কৰাৰ লগতে যুৱ চামক খেলিবলৈও উৎসাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷

ETV BHARAT ASSAM
নৰেন্দ্ৰ মোডীৰ অভিনন্দন
ETV BHARAT ASSAM
ভাৰতীয় হকী ফেডাৰেছনৰ অভিনন্দন

এই প্ৰেৰণাদায়ক মন্তব্যৰ বাবে ভাৰতীয় হকী ফেডাৰেছনেও প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনোৱাৰ লগতে হকীক কেৰিয়াৰ হিচাপে ল'বলৈ মহিলাসকলক উৎসাহ যোগাব বুলি জনায় ৷ ইয়াৰ উপৰি ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়েও টুইটাৰৰ জৰিয়তে এই জয়ক গুৰুত্বপূৰ্ণ বুলি কৰাৰ লগতে দলটোক অভিনন্দন জ্ঞাপন কৰে ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণেও মহিলা দলটোক অভিনন্দন জ্ঞাপন কৰে ৷

ETV BHARAT ASSAM
ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ অভিনন্দন
ETV BHARAT ASSAM
আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনৰ অভিনন্দন

আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে ভাৰতীয় দলৰ এই জয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ট'কিঅ অলিম্পিকলৈ বাট মুকলি কৰা বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে,দেওবাৰে অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতীয় দলটোৱে জাপানক 3-1 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ ভাৰতীয় দলৰ অধিনায়ক তথা 'প্লেয়াৰ অৱ দা টুৰ্ণামেন্ট' সন্মান লাভ কৰা ৰাণী ৰামপালে 3 মিনিটত এটা গ'ল কৰে ৷ ইয়াৰোপৰি, টুৰ্ণামেন্টত সৰ্বাধিক গ'ল কৰা গুৰজীত কৌৰে 45 আৰু 60 মিনিটত দুটাকৈ গ'ল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

ETV BHARAT ASSAM
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অভিনন্দন

PM MODI LAUDS WOMEN'S HOCKEY TEAM FOR WINNING FIH FINALS

ভাৰতীয় মহিলা হকী দলক অভিনন্দন জ্ঞাপন মোডীৰ

নিউজ ডেস্ক, 24 জুন : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এফ আই এইছ ছিৰিজ ফাইনেলত বিজয় সাব্যস্ত কৰা ভাৰতীয় মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰে ৷ এক টুইটৰ জৰিয়তে দলটোক অভিবাদন দিয়াৰ লগতে এই জয়ে খেলবিধক বিখ্যাত কৰাৰ লগতে যুৱচামক খেলিবলৈ উৎসাহ প্ৰদান কৰিব ৷

এই ধৰণৰ প্ৰেৰণাদায়ক মন্তব্যৰ বাবে ভাৰতীয় হকী ফেডাৰেছনেও প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনায় আৰু কয় যে এই জয়ে মহিলাসকলক কেৰিয়াৰ হিচাপে ল'বলৈ উৎসাহ যোগাব ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.