ETV Bharat / sports

অলিম্পিক টেষ্ট ইভেন্টলৈ ভাৰতীয় হকী দল - BEFORE OLYMPIC QUALIFIERS

অলিম্পিক টেষ্ট ইভেন্টলৈ উৰা মাৰিলে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল ৷ অলিম্পিক কোৱালিফায়াৰ্ছৰ পূৰ্বে এই টুৰ্ণামেন্টে ভাৰতীয় দলক যথেষ্ট সহায় কৰিব ৷

অলিম্পিক টেষ্ট ইভেন্টলৈ ভাৰতীয় হকী দল
author img

By

Published : Aug 11, 2019, 4:49 PM IST

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে অলিম্পিক টেষ্ট ইভেন্টত অংশগ্ৰহণৰ বাবে ট'কিঅ'লৈ উৰা মাৰে ৷ বাংগালুৰুৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা দল দুটাই দেওবাৰে উৰা মাৰে ৷ উল্লেখ্য যে, আগষ্টৰ 17 তাৰিখৰ পৰা জাপানৰ ট'কিঅ'ত এই টুৰ্ণামেন্ট অনুষ্ঠিত হ'ব ৷ নৱেম্বৰত অনুষ্ঠিত হ'বলগা অলিম্পিক কোৱালিফায়াৰ্ছৰ বাবে এই ইভেন্টে ভাৰতীয় দলক যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে এক বিবৃতিত জানিবলৈ দিয়ে যে, এই টুৰ্ণামেন্টৰ জৰিয়তে ভাৰতীয় দলৰ যুৱ খেলুৱৈ সকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ পৰা অলিম্পিক কোৱালিফায়াৰ্ছলৈ ভাৰতীয় দল বাছনি কৰাত সুবিধা হ'ব ৷

ETV BHARAT ASSAM
হৰমনপ্ৰীত সিং

উল্লেখ্য যে, ভাৰতৰ পুৰুষ দলটোৱে আয়োজক জাপান, নিউজিলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে অংশগ্ৰহণ কৰাৰ উপৰি মহিলা দলটোৱে অষ্ট্ৰেলিয়া, চীন আৰু জাপানৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব ৷

এই সম্পৰ্কত মহিলা দলৰ অধিনায়ক ৰাণীয়ে মন্তব্য কৰে যে, যোৱা কিছু বছৰত দলটোৱে জাপান আৰু চীনৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাল প্ৰদৰ্শনৰ আশা কৰা হৈছে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিব পাৰিলে অলিম্পিক কোৱালিফায়াৰ্ছৰ প্ৰস্তুতিৰ বাবে দল সাজু হ'ব বুলিও মন্তব্য কৰে ৰাণীয়ে ৷

ETV BHARAT ASSAM
ৰাণী

উল্লেখ্য যে, পুৰুষ দলে প্ৰথমখন মেচত মালয়েছিয়া আৰু মহিলা দলে জাপানৰ বিৰুদ্ধে আগষ্টৰ 17 তাৰিখে অৱতীৰ্ণ হ'ব ৷

INDIAN HOCKEY TEAM LEAVES FOR OLYMPIC TEST EVENT

অলিম্পিক টেষ্ট ইভেন্টলৈ ভাৰতীয় হকী দল

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে অলিম্পিক টেষ্ট ইভেন্টত অংশগ্ৰহণৰ বাবে ট'কিঅ'লৈ উৰা মাৰে ৷ বাংগালুৰুৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা দল দুটাই দেওবাৰে উৰা মাৰে ৷ উল্লেখ্য যে, আগষ্টৰ 17 তাৰিখৰ পৰা জাপানৰ ট'কিঅ'ত এই টুৰ্ণামেন্ট অনুষ্ঠিত হ'ব ৷ নৱেম্বৰত অনুষ্ঠিত হ'বলগা অলিম্পিক কোৱালিফায়াৰ্ছৰ বাবে এই ইভেন্টে ভাৰতীয় দলক যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে এক বিবৃতিত জানিবলৈ দিয়ে যে, এই টুৰ্ণামেন্টৰ জৰিয়তে ভাৰতীয় দলৰ যুৱ খেলুৱৈ সকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ পৰা অলিম্পিক কোৱালিফায়াৰ্ছলৈ ভাৰতীয় দল বাছনি কৰাত সুবিধা হ'ব ৷

উল্লেখ্য যে, ভাৰতৰ পুৰুষ দলটোৱে আয়োজক জাপান, নিউজিলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে অংশগ্ৰহণ কৰাৰ উপৰি মহিলা দলটোৱে অষ্ট্ৰেলিয়া, চীন আৰু জাপানৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব ৷

এই সম্পৰ্কত মহিলা দলৰ অধিনায়ক ৰাণীয়ে মন্তব্য কৰে যে, যোৱা কিছু বছৰত দলটোৱে জাপান আৰু চীনৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাল প্ৰদৰ্শনৰ আশা কৰা হৈছে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিব পাৰিলে অলিম্পিক কোৱালিফায়াৰ্ছৰ প্ৰস্তুতিৰ বাবে দল সাজু হ'ব বুলিও মন্তব্য কৰে ৰাণীয়ে ৷

উল্লেখ্য যে, পুৰুষ দলে প্ৰথমখন মেচত মালয়েছিয়া আৰু মহিলা দলে জাপানৰ বিৰুদ্ধে আগষ্টৰ 17 তাৰিখে অৱতীৰ্ণ হ'ব ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.