ETV Bharat / sports

ক্ৰিষ্টিয়ানো ৰ’নাল্ডো লৈ 2020 বৰ্ষৰ গ’ল্ডেন ফুট

author img

By

Published : Dec 21, 2020, 4:33 PM IST

2020 বৰ্ষৰ গ’ল্ডেন ফুট বঁটা লাভ কৰিবলৈ সক্ষম হয় জুভেন্টাছৰ পৰ্টুগাল ফৰৱাৰ্ড খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে ৷ দেওবাৰে মোনেকোৰ ৰাজকুমাৰী ষ্টেফিনীৰ পুত্ৰ লুইছ ডুক্ৰুৱেটে ৰ'নাল্ডোক এই বঁটা প্ৰদান কৰে ৷

Ronaldo Scoops 2020 Golden Foot Award
ক্ৰিষ্টিয়ানো ৰ’নাল্ডো লৈ 2020 বৰ্ষৰ গ’ল্ডেন ফুট

স্পৰ্টছ ডেস্ক,21 ডিচেম্বৰ: জুভেন্টাছৰ পৰ্টুগাল ফৰৱাৰ্ড খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে দেওবাৰে লাভ কৰে 2020 বৰ্ষৰ গ’ল্ডেন ফুট বঁটা ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ দ্বাৰা নিৰ্বাচিত 10 গৰাকী খেলুৱৈৰ ভিতৰত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় পাঁচবাৰৰ বেলন ডিঅ’ৰ বিজয়ী খেলুৱৈগৰাকীয়ে ৷

ক্ৰিষ্টিয়ানো ৰ’নাল্ডো লৈ 2020 বৰ্ষৰ গ’ল্ডেন ফুট বঁটা

এই বঁটাটিৰ বাবে ৰ'নাল্ডোৰ নাম বিগত 1 ডিচেম্বৰতে ঘোষণা কৰা হৈছিল ৷ দেওবাৰে মোনেকোৰ ৰাজকুমাৰী ষ্টেফিনীৰ পুত্ৰ লুইছ ডুক্ৰুৱেটে ৰ'নাল্ডোক এই বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণৰ পূৰ্বে খেলুৱৈগৰাকীৰ পদচিহ্ন সংগ্ৰহ কৰা হয় যি মন্টে কাৰ্লোৰ ঐতিহাসিক ‘চেম্বিয়নছ প্ৰমেনাড’ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব ৷

ৰ'নাল্ডোৱে কয়-"এই সন্মান লাভ কৰাটো এক গৌৰৱ, মই সুখী যে মোৰ পদচিহ্নও অইন শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ এইক্ষেত্ৰত মোৰ বাবে ভোট প্ৰদান কৰা সকলো জনতাকে মই ধন্যবাদ জ্ঞাপন কৰিলো ৷ মই সদায় ভাল প্ৰদৰ্শন আগবঢ়াবলৈ আৰু অধিক গ’ল সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম ৷"

এই বঁটাৰ নিয়মাৱলী অনুসৰি বঁটাটি যিকোনো খেলুৱৈয়ে এবাৰহে লাভ কৰে ৷ ইয়াৰ উপৰিও 28 উৰ্দ্ধৰ খেলুৱৈ সকলকহে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৷ এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে মোনেকোৰ ৰাজকুমাৰ এলবাৰ্ট দ্বিতীয়য়ো ৰ'নাল্ডোক শুভেচ্ছা জ্ঞাপন কৰে ৷

সমান্তৰালকৈ শনিবাৰে ৰ'নাল্ডোই পাৰ্মাৰ বিৰুদ্ধে প্ৰসংশনীয় গ’ল প্ৰদান কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ লগে লগেই 1961 চনৰ পৰা এটা বছৰতেই 33 Serie A গ’ল প্ৰদান কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় ৰ'নাল্ডো ৷

লগতে পঢ়ক-বক্সিং দিৱসত অনুষ্ঠিত টেষ্টত মেন অৱ দ্য মেচক প্ৰদান কৰা হ'ব মুলাগ মেডিল বঁঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.