ETV Bharat / sports

মালাপ্পুৰমত আবদ্ধ 200 ৰো অধিক বিদেশী ফুটবল খেলুৱৈ - Sevens football tournament

ভাৰতত আবদ্ধ বিভিন্ন দেশৰ প্ৰায় 200 ফুটবল খেলুৱৈ ৷ কেৰালাৰ বিভিন্ন স্থানত আবদ্ধ এই খেলুৱৈসকল ৷

কেৰালা
মালাপ্পুৰমত আৱদ্ধ 200 ৰো অধিক বিদেশী ফুটবল খেলুৱৈ
author img

By

Published : Apr 17, 2020, 8:22 PM IST

স্পৰ্টছ ডেস্ক, 17 এপ্ৰিল : মালাবৰৰ বিভিন্ন ক্লাৱত Sevens football tournament সমূহত অংশগ্ৰহণৰ বাবে অহা 200 বিদেশী ফুটবল খেলুৱৈ আবদ্ধ হৈ আছে ভাৰতত ৷ COVID-19 আতংকৰ পৰিপ্ৰেক্ষিতত এই টুৰ্ণামেন্টসমূহ বাতিল হোৱা বাবে কেৰালাৰ মালাপ্পুৰমৰ বিভিন্ন অঞ্চলত এই ক্ৰীড়াবিদসকল আবদ্ধ হৈ আছে ৷

মালাবৰৰ ফুটবল গ্ৰাউণ্ডত ভৰিৰ যাদুৰে দৰ্শকৰ হৃদয় জয় কৰা এই বিদেশী খেলুৱৈসকলে মালাবৰত অনুষ্ঠিত এই টুৰ্ণামেন্টসমূহৰ জৰিয়তে বহু টকা আয় কৰিবলৈ সক্ষম হয় ৷ কিন্তু এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ বাবে কেইখনমান টুৰ্ণামেন্ট আয়োজন কৰাৰ পাচতে বাতিল কৰা হয় ৷

COVID-19 লকডাউনৰ ফলত কেৰালাৰ বিভিন্ন স্থানত খেলুৱৈসকল আবদ্ধ হৈ থকাৰ লগতে নিজ নিজ ৰাষ্ট্ৰলৈ ঘূৰি যাবলৈ বাধাৰ সন্মুখীন হৈছে ৷ খেলুৱৈসকলৰ স্পনছৰ আৰু মেনেজাৰসকলে ৰাজ্য চৰকাৰৰ পৰা এই সম্পৰ্কত সহায়-সহযোগিতা কামনা কৰাৰ লগতে তেওঁলোকক নিৰাপদে দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ অনুৰোধ জনাইছে ৷

এই খেলুৱৈসকলক খাদ্য, আশ্ৰয় আৰু অন্যান্য অত্যাৱশ্যকীয় সকলো সুবিধা প্ৰদান কৰা হৈছে ৷ তেওঁলোকৰ দলীয় মেনেজাৰ,স্পনছৰ আৰু Sevens Football Association ৰ তৰফৰ পৰা যাৱতীয় সকলো সুবিধাৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু, বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰণা ভাইৰাছৰ বাবে এই খেলুৱৈসকলে নিজ নিজ দেশলৈ উভতি গৈ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰিছে ৷

ইয়াৰে অধিকাংশ খেলুৱৈ পশ্চিম আফ্ৰিকান দেশ যেনে,ছিয়েৰা লিয়ন, আইভৰি কোষ্ট,ঘানা আৰু লিবেৰিয়াৰ বুলি জানিব পৰা গৈছে ৷ দা চেভেনছ ফুটবল ছিজনৰ সময়তে অৰ্থাৎডিচেম্বৰ মাহতে ভাৰতত উপস্থিত হৈছিল এই খেলুৱৈসকল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.