ETV Bharat / sports

প্ৰশিক্ষক তুচেলৰ বিদায়ত আবেগিক ফুটবলাৰ এমবপ্পে

author img

By

Published : Dec 25, 2020, 6:12 PM IST

পেৰিচ চেইন্ট জাৰ্মানৰ প্ৰশিক্ষক থমাছ তুচেলক বৰ্খাস্ত । খেলৰ নিৰ্দেশক লিঅনাৰ্ড' আৰু ক্লাৱৰ অধ্য়ক্ষ নাসেৰ আল খেলাইফিয়ে বুধবাৰে তুচেলক PSG বৰ্খাস্ত কৰা কথা জনায় ।

প্ৰশিক্ষক তুচেলৰ বিদায়ত আবেগিক ফুটবলাৰ এমবপ্পে
প্ৰশিক্ষক তুচেলৰ বিদায়ত আবেগিক ফুটবলাৰ এমবপ্পে

স্পৰ্টছ ডেস্ক , ২৫ ডিচেম্বৰ : পেৰিচ চেইন্ট জাৰ্মানৰ প্ৰশিক্ষক থমাছ তুচেলক বৰ্খাস্তৰ মূহূৰ্তত আবেগিক ফ্ৰাঞ্চ ফুটবলাৰ কিয়ান এমবপ্পে । থমাছ তুচেলৰ প্ৰতি শ্ৰদ্ধা সহকাৰে এমবপ্পে কয় যে, ফ্ৰাঞ্চ ক্লাৱৰ সময়চোৱাত কোনেও তেওঁক পাহৰিব নোৱাৰে ৷ ক্লাৱৰ ইতিহাসত এটা উল্লেখনীয় অংশ হিচাপে লিখা থাকিব এই সময়খিনি ।

দুৰ্ভাগ্য়জনকভাৱে এয়া ফুটবলৰ নিয়ম বুলিও মন্তব্য় কৰে এমবপ্পেই । নিজৰ ইনষ্টাগ্ৰামৰ এটা ষ্টৰীত প্ৰশিক্ষকৰ ফটো শ্বেয়াৰ কৰি তুচেলক ধন্য়বাদ দিয়াৰ লগতে কয় যে, ক্লাৱৰ ইতিহাসত এটা উল্লেখনীয় সময় ৰচনা কৰিলে তুচেলে ।

খেলৰ নিৰ্দেশক লিঅনাৰ্ড' আৰু ক্লাৱৰ অধ্য়ক্ষ নাসেৰ আল খেলাইফিয়ে দলটোক বুধবাৰে তুচেলক PSG দ্বাৰা বৰ্খাস্ত কৰা কথা জনায় । অৱশ্য়ে এতিয়াও ক্লাবে আনুষ্ঠানিকভাবে এই কথা জনাবলৈ বাকী আছে । স্ট্ৰচবাৰ্গৰ বিৰুদ্ধে পেৰিচ চেইন্ট জাৰ্মানৰ দুৰ্দান্ত জয়ৰ পিছতে তুচেলক ক্লাৱৰ পৰা বাহিৰ কৰি দিয়া হয় ।

উল্লেখ যে, পিএছজিয়ে স্ট্ৰচবাৰ্গক প্ৰথম লীগত ৪-০ গ'লত পৰাস্ত কৰি ৩৫ পইন্টেৰে তালিকাৰ তৃতীয় স্থানত আছে আৰু তালিকাৰ শীৰ্ষত থকা লীঅনতকৈ মাত্ৰ ১ পইন্ট পিছত আছে । ইয়াৰ উপৰি স্ট্ৰচবাৰ্গৰ বিৰুদ্ধে খেলা এইখন আছিল দলটোৰ বছৰটোৰ অন্তিম খেল কাৰণ ৭ জানুৱাৰীতহে চেইন্ট ইটিনৰ বিৰুদ্ধে খেলপথাৰত নামিব দলটো ।

লগতে পঢ়ক :Watch: প্ৰত্যাহ্বানপূৰ্ণ বক্সিং ড' টেষ্টৰ বাবে ভাৰতৰ অনুশীলন অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.