স্পৰ্টছ ডেস্ক, 8 চেপ্তেম্বৰঃ শনিবাৰে ইংলেণ্ড আৰু বুল্গেৰিয়া মাজত অনুষ্ঠিত হোৱা ইউৰু 2020 কোৱালিফায়াৰ্ছ মেচত জয় লাভ ইংলেণ্ডৰ ৷ ইংলেণ্ডৰ হাতত 4-0 গ’লত ধৰাশায়ী হয় বুল্গেৰিয়া ফুটবল দলটো ৷ মেচখনত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ হেট-ট্ৰিক অৰ্জনেৰে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কেনে ৷ ‘গ্ৰুপ এ’ ত ইংলেণ্ডৰ এইটো আছিল ধাৰাবাহিক তৃতীয়টো জয় আনহাতে এই জয়েৰে ইংলেণ্ডে বৰ্তমান 9 পইণ্টৰে গ্ৰুপটোত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে দুই পইণ্টেৰে পঞ্চম স্থানত আছে বুল্গেৰিয়া ৷ ইংলেণ্ডৰ হৈ আন এটা গ’ল কৰিবলৈ সক্ষম হয় ৰহীম ষ্টেলিং ৷ ইংলেণ্ডে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হৈছিল মেচখনৰ 24 মিনিটত ৷ প্ৰথমাৰ্দ্ধত ইংলেণ্ডে 1-0 ৰ অগ্ৰগতি লৈছিল ৷
ইয়াৰ পাচতেই মেচখনৰ দ্বিতীয়াৰ্দ্ধৰ 49 মিনিটত এক পেনাল্টীৰ যোগেদি 2-0 ৰ অগ্ৰগতি লয় ইংলেণ্ডে ৷ ইংলেণ্ড দলটোৱে ইয়াতে শান্ত নাথাকি আন এটা সুন্দৰ মুভেৰে 6 মিনিটৰ অন্তৰত আন এটা গ’ল কৰিবলৈ সক্ষম হয় ৷ তৃতীয়টো গ’ল কৰিছিল ৰহীম ষ্টেলিঙে ৷ আনহাতে মেচখনৰ অন্তিমটো গ’ল আহে 73 মিনিটত ৷ পেনাল্টীৰ সুযোগক পুনৰ বাৰ গ’লত পৰিণত কৰি হেট-ট্ৰিক সম্পূৰ্ণ কৰাৰ লগতে ইংলেণ্ড দলৰ জয় নিশ্চিত কৰে অধিনায়ক হেৰী কেনে ৷