ETV Bharat / sports

চকুত অলেখ সপোন: মৰাণৰ এজাক শিশুৰ ফুটবল প্ৰেম - ফুটবল খেলা শিশু

মনত মেছি-ৰনাল্ডো হোৱাৰ হেপাহ ৷ সাতৰ শিশুৰ পৰা চৈধ্য বছৰীয়া কিশোৰৰ দু-ভৰিৰ যাদুয়ে মুহিছে মৰাণবাসীক ৷

চকুত এলেখ সপোন: মৰাণৰ এজাক শিশুৰ ফুটবল প্ৰেম
author img

By

Published : Sep 26, 2019, 10:52 PM IST

Updated : Oct 22, 2019, 12:37 PM IST

মৰাণ, 26 ছেপ্তেম্বৰ: মৰাণৰ ধেমেচীত স্থানীয় নৱজ্যোতি সংঘ নামৰ এটা সংগঠনৰ বেনাৰত এচিয়ান ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক মিন্টু বৰগোঁহাইৰ নেতৃত্বত মাহজুৰি চলি আছে পোন্ধৰ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ ফুটবল প্ৰশিক্ষণ শিবিৰ ৷ যাক লৈ এতিয়া অঞ্চলটোৰ কণ-কণ ছাত্ৰ ছাত্ৰীৰ বৃদ্ধি পাইছে ফুটবলক লৈ ব্যাপক উৎসাহ ৷ গাত নীলা, ৰঙা, হালধীয়া ভিন্ন ৰঙৰ জাৰ্চী পিন্ধি সাতৰ পৰা বাৰ বছৰীয়া শিশু আৰু কিশোৰ-কিশোৰীসকল এতিয়া ব্যস্ত ব্যাপক অনুশীলনত ৷ চকুত মেছী-নেইমাৰ হোৱাৰ আশালৈ অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ষাঠিজন ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ অনুশীলন কৰি দুভৰিৰ যাদুৰে মোহিছে সকলোকে ৷

চকুত এলেখ সপোন: মৰাণৰ এজাক শিশুৰ ফুটবল প্ৰেম

ছাত্ৰ-ছাত্ৰী সকলক নিজৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়া এই শিবিৰত সহযোগ কৰিছে প্ৰাক্তন ফুটবলাৰ মৃদুল সন্দিকৈৰ লগতে শাৰিৰীক প্ৰশিক্ষক তৰুণ গগৈয়ে । ইফালে প্ৰতিভাৱান কিশোৰ-কিশোৰী সকলৰ অনুশীলন বুজ ল'বলৈ অলপতে শিবিৰটোত উপস্থিত হয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ বিধায়কটোৱে শিবিৰটো পৰিভ্ৰমণ কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ লগত মত-বিনিময় কৰি সংঘৰ পদক্ষেপক আদৰণি জনাই ৷ শিবিৰত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক লৈ এতিয়া খুবেই আশাবাদী প্ৰশিক্ষক মিন্টু বৰগোঁহাই, তেওঁৰ দৃঢ় বিশ্বাস ভাল ফুটবল খেলিব ছাত্ৰ-ছাত্ৰীসকলে ৷

Intro:এজাক শিশু, বয়স সাত, আঠ, বাৰ, চৈধ্য বছৰ।গাত নীলা, ৰঙা, হালধীয়া ভিন্ন ৰঙৰ চোলা।লিখা আছে নম্বৰ দহ, পোন্ধৰ । এতিয়া এইজাক শিশু ব্যস্ত কঠোৰ অনুশীলনত।ডিব্ৰুগড় মৰাণৰ কাষৰীয়া ধেমেচীৰ ঋষিৰীজ, জুমন, লক্ষ্যজিৎ,গৰিমা, অভিনৱ হঁতৰ এতিয়া অন্তহীন ব্যস্ততা । শাৰিৰীক ব্যায়াম কৰাৰ লগতে ভংগিমাৰে দেহৰ অংগ সঞ্চালনাত ব্যস্ত তেওঁলোক| কেতিয়াবা দৌৰিছে, কেতিয়াবা জপিয়াইছে আৰু কেতিয়াবা ফুটবলটো লৈ দৌৰ মাৰিছে| এওঁলোকৰ ৰুণাল্ডো, মেচি, নেইমাৰ হ'বৰ মন| আচলতে নৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ অৰ্থে ধেমেচীত এতিয়া স্থানীয় নৱজ্যোতি সংঘই আয়োজন কৰিছে এক ফুটবল প্ৰশিক্ষণ শিবিৰৰ । মাহযোৰা এই শিবিৰত অংশ লৈছে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ষাঠী জন ছাত্র-ছাত্রীয়ে | পোন্ধৰ বছৰৰ অনুৰ্দ্ধৰ এইসকল ছাত্র-ছাত্রীক ফুটবল খেলৰ বিভিন্ন কৌশল শিকাইছে এচিয়ান ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক মিন্টু বৰগোঁহাইয়ে| লগত সহযোগ কৰিছে প্ৰাক্তন ফুটবলাৰ মৃদুল সন্দিকৈ, নৱ গোহাঁই, শাৰিৰীক প্ৰশিক্ষক তৰুণ গগৈয়ে । অলপতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে শিবিৰটো অনুশীলন বুজ লয় আৰু প্ৰতিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে। বিধায়ক গৰাকীয়ে নৱজ্যোতি সংঘৰ প্ৰচেষ্টাক আদৰণি জনায় আৰু ভাল খেলুৱৈ সৃষ্টি হ'ব বুলি আশা ব্যক্ত কৰে । প্ৰতিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে ৰাজ্যিক বক্সিং খেলুৱৈ ভাস্কৰজ্যোতি বৰুৱাই। ইফালে প্ৰতিক্ষক মিন্টু বৰগোঁহাই আশাবাদী, এই ছাত্র-ছাত্রী সকলে ভাল খেলিব পাৰিব ।Body:ঐConclusion:ঐ
Last Updated : Oct 22, 2019, 12:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.