ETV Bharat / sports

কৰ’ণা ভাইৰাছ : হোটেলক স্থাস্পতাললৈ পৰিৱৰ্তন ৰ’নাল্ডোৰ - CR7 ৰ হোটেল সমূহক চিকিৎসালয়লৈ পৰিৱৰ্তন

কৰ’ণা ভাইৰাছৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ প্ৰশংসনীয় পদক্ষেপ ৷ CR7 ৰ হোটেল সমূহক চিকিৎসালয়লৈ পৰিৱৰ্তন ৷

কৰ’ণা ভাইৰাছ : হোটেলক স্থাস্পতাললৈ পৰিৱৰ্তন ৰ’নাল্ডোৰ

author img

By

Published : Mar 16, 2020, 1:16 PM IST

স্পৰ্টছ ডেস্ক, 16 মাৰ্চ: বিশ্বত সন্ত্ৰাস অব্যাহত আছে Covid-19 ৰ ৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাইও কৰ’ণা ভাইৰাছক ঘোষণা কৰিছে মহামাৰী হিচাপে ৷ বিভিন্ন দেশৰ চিকিৎসকে ইয়াৰ প্ৰতিকাৰ তৈয়াৰত ব্যস্ত থকাৰ বিপৰীতে বিশ্বৰ ফুটবল তাৰকা তথা পৰ্তুগালৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ কৰ’ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্তুগালস্থিত ৰ’নাল্ডোৰ নিজৰ সকলো হোটেল স্থাস্পতাললৈ পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে ৷ য’ত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব ৷

হোটেলক স্থাস্পতাললৈ পৰিৱৰ্তন ৰ’নাল্ডোৰ
হোটেলক স্থাস্পতাললৈ পৰিৱৰ্তন ৰ’নাল্ডোৰ

স্পেইনৰ সংবাদ মাধ্যমৰ মতে, জুভেন্টাছ দলৰ খেলুৱৈগৰাকীয়ে ভুক্তভোগী ৰোগী সকলক যথোপযুক্ত সহায়ৰ বাবে আগবাঢ়ি আহিছে ৷ বাতৰিটোত এইবুলিও প্ৰকাশ পাইছে যে, চিকিৎসক তথা নাৰ্ছকে ধৰি সকলো কৰ্মচাৰীক দিবলগীয়া দৰমহাও ৰ’নাল্ডোৰ সংস্থাই বহন কৰিব ৷

খেলুৱৈগৰাকীয়ে টুইটাৰত উল্লেখ কৰে যে, এই সময়ত সমগ্ৰ বিশ্বই বিপদৰ সন্মুখীন হৈ আছে ৷ এতিয়া আমাৰ কৰণীয় বহু আছে ৷ আমাৰ চোৱা-চিতা আৰু দৃষ্টিৰ প্ৰয়োজন ৷ মই এজন খেলুৱৈ হিচাপে নহয় এজন পুত্ৰ, পিতৃ এজন মানুহ হিচাপে কৈ আছো ৷ যি নিজেও এইবোৰৰ পৰা প্ৰভাৱিত হৈছো ৷ তেওঁ ইয়াৰ লগতে কয়, এইয়া দৰকাৰী যে বিশ্ব স্বাস্থ্য সংস্থাই যি পৰামৰ্শ প্ৰদান কৰিছে সেই সমূহ অনুকৰণ কৰি আমি ইয়াক প্ৰতিৰোধ কৰিব লাগিব ৷ সকলো মানৱৰ জীৱন সুৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ৷ যি কেইজনে নিজৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকলৈ মোৰ সমবেদনা ৷

আনহাতে জুভেন্টাছ দলৰে খেলুৱৈ ডিফেণ্ডাৰ ডেনিয়ল ৰুগানী এই ৰোগত আক্ৰান্ত হৈছে ৷ ৰুগানীকো সকলো ধৰণৰ সুবিধা প্ৰদান কৰিছে ৰ’নাল্ডোই ৷

লগতে চাওক- খেল মন্ত্ৰণালয় আৰু IOAৰ টকিঅ’ ভ্ৰমণ স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.