ETV Bharat / sports

বাৰ্চিলোনাৰ 5 জন খেলুৱৈসহ দুজন প্ৰশিক্ষকৰ কৰ'ণা পজিটিভ : তথ্য

author img

By

Published : Jun 3, 2020, 6:40 PM IST

অহা 13 জুনত ৰিয়ল মাল'ৰ্কাৰ বিৰুদ্ধে স্পেনিছ লীগত মুখামুখি হ'ব বাৰ্চিলোনা । কিন্তু ইয়াৰ পূৰ্বেই দলটোৰ অনুৰাগীৰ বাবে আহিছে এক দুঃখবৰ । দলটোৰ কেইবাগৰাকী খেলুৱৈ কৰ'ণা পজিটিভ বুলি জানিব পৰা গৈছে ।

covid 19 five barcelona players two coaches test positive report
বাৰ্চিলোনাৰ 5 জন খেলুৱৈসহ দুজন প্ৰশিক্ষকৰ কৰ'ণা পজিটিভ : তথ্য

স্পৰ্টছ ডেস্ক, 3 জুনঃ বাৰ্চিলোনাৰ অনুৰাগীৰ বাবে আহিছে দুঃখবৰ । স্পেনিছ লীগৰ লা-লীগাৰ বাৰ্চিলোনা দলটোৰ পাঁচজন খেলুৱৈসহ দুজন প্ৰশিক্ষক ষ্টাফৰ কৰ্মীৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি ।

বাৰ্চিলোনাৰ 5 খেলুৱৈ সহ দুজন প্ৰশিক্ষক কৰ'ণা পজিটিভ : তথ্য

এক সংবাদ এজেঞ্চীৰ খবৰৰ মতে,বাৰ্চিলোনা ক্লাৱটোৰ নিকটৱৰ্তী এক ৰেডিঅ' ষ্টেচনে মঙলবাৰে সদৰী কৰে । যোৱা মে' মাহত লা-লীগাই খেলুৱৈৰ সকলৰ COVID-১৯ পৰীক্ষণ কৰা বুলিও জানিবলৈ দিয়ে । এই পৰীক্ষণতেই খেলুৱৈৰ দেহত ধৰা পৰিছে COVID-১৯ৰ বীজাণু । অৱশ্যে ৰেডিঅ' ষ্টেচনে এই খবৰত কোনো খেলুৱৈ তথা ষ্টাফৰ নাম উল্লেখ কৰা হোৱা নাই ।

উল্লেখ্য যে,ইয়াৰ এদিন পূৰ্বেই লীগৰ ক্লাৱ সমূহক সম্পূৰ্ণ দলৰ সৈতে অনুশীলনৰ অনুমতি দিয়া হৈছিল । শেহতীয়াকৈ লা-লীগাৰ প্ৰাৰম্ভিক দুটা পৰ্যায়ৰ তাৰিখ ঘোষণা কৰা হৈছে । অহা 11 জুনৰ পৰা পুনৰ আৰম্ভ হ'ব লীগৰ পৰৱৰ্তী মেচ সমূহ ।

বাৰ্চিলোনা দলটোৱে অহা 13 জুনত ঘৰৰ বাহিৰত খিতাপ ৰক্ষা কৰাৰ স্বাৰ্থত ৰিয়ল মাল'ৰ্কাৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব । COVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাৰ্চ মাহত আধাতে স্থগিত কৰা হৈছিল লা-লীগা প্ৰতিযোগিতাখন ।

লগতে চাওকঃ সংবাদমেল সম্বোধন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.