ETV Bharat / sports

তিনি মাহৰ নিষেধাজ্ঞাৰ সন্মুখীন মেছি - তিনি মাহ

তিনি মাহৰ নিষেধাজ্ঞাৰ সন্মুখীন হ'ল আৰ্জেন্টিনাৰ ফুটবল তাৰকা লিয়নেল মেছি ৷ আৰ্জেন্টিনাৰ হৈ তিনি খনকৈ মেচত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লাগিব খেলুৱৈ গৰাকী ৷

তিনি মাহৰ নিষেধাজ্ঞাৰ সন্মুখীন মেছি
author img

By

Published : Aug 3, 2019, 5:29 PM IST

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : আৰ্জেন্টিনাৰ ফুটবল তাৰকা লিয়নেল মেছিক আন্তৰাষ্ট্ৰীয় ফুটবলৰ পৰা তিনি মাহৰ বাবে নিষাধাজ্ঞা আৰোপ কৰিছে দক্ষিণ আমেৰিকাৰ ফুটবল নিয়ন্ত্ৰণ সংস্থা CONMEBOL এ ৷ কোপা আমেৰিকাৰ সময়ত মেছিয়ে কৰা বিস্ফোৰক মন্তব্যৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হয় তেওঁৰ ওপৰত ৷ এই নিষেধাজ্ঞাৰ উপৰি তেওঁ 50,000 আমেৰিকান ডলাৰৰ জৰিমনাও দিব লাগিব ৷

ETV BHARAT ASSAM
তিনি মাহৰ নিষেধাজ্ঞাৰ সন্মুখীন মেছি

এই নিষেধাজ্ঞাৰ ফলত 32 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে তিনিখনকৈ বন্ধুত্বসূলভ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ চিলিৰ বিৰুদ্ধে ছেপ্তেম্বৰৰ 5 তাৰিখে, মেক্সিকোৰ বিৰুদ্ধে ছেপ্তেম্বৰৰ 10 তাৰিখে আৰু জাৰ্মানীৰ বিৰুদ্ধে অক্টোবৰৰ 10 তাৰিখে অনুষ্ঠিত হ'বলগা তিনিখনকৈ মেচত তেওঁ নিজ দলক প্ৰতিনিধিত্ব কৰিব নোৱাৰিব ৷

উল্লেখ্য যে, এই তিনিখন মেচত নিষেধাজ্ঞা আৰোপ কৰিলেও নৱেম্বৰৰ পৰা খেলুৱৈ গৰাকীয়ে নিজ দেশৰ হৈ পুনৰ খেলাৰ সুযোগ লাভ কৰিব ৷ কোপা আমেৰিকাৰ সময়তে মেছিয়ে CONMEBOL ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷

CONMEBOL BANS MESSI FOR THREE MONTHS

তিনি মাহৰ নিষেধাজ্ঞাৰ সন্মুখীন মেছি

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : আৰ্জেন্টিনাৰ ফুটবল তাৰকা লিয়নেল মেছিক আন্তৰাষ্ট্ৰীয় ফুটবলৰ পৰা তিনি মাহৰ বাবে নিষাধাজ্ঞা আৰোপ কৰিছে দক্ষিণ আমেৰিকাৰ ফুটবল নিয়ন্ত্ৰণ সংস্থা CONMEBOL এ ৷ কোপা আমেৰিকাৰ সময়ত মেছিয়ে কৰা বিস্ফোৰক মন্তব্যৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হয় তেওঁৰ ওপৰত ৷ এই নিষেধাজ্ঞাৰ উপৰি তেওঁ 50,000 আমেৰিকান ডলাৰৰ জৰিমনাও ভুগিব লাগিব ৷

এই নিষেধাজ্ঞাৰ ফলত 32 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে তিনিখনকৈ বন্ধুত্বসূলভ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ চিলিৰ বিৰুদ্ধে ছেপ্তেম্বৰৰ 5 তাৰিখে, মেক্সিকোৰ বিৰুদ্ধে ছেপ্তেম্বৰৰ 10 তাৰিখে আৰু জাৰ্মানীৰ বিৰুদ্ধে অক্টোবৰৰ 10 তাৰিখে অনুষ্ঠিত হ'বলগা তিনিখনকৈ মেচত তেওঁ নিজ দলক প্ৰতিনিধিত্ব কৰিব নোৱাৰিব ৷

উল্লেখ্য যে, এই তিনিখন মেচত নিষেধাজ্ঞা আৰোপ কৰিলেও নৱেম্বৰৰ পৰা খেলুৱৈ গৰাকীয়ে নিজ দেশৰ হৈ পুনৰ খেলাৰ সুযোগ লাভ কৰিব ৷ কোপা আমেৰিকাৰ সময়তে মেছিয়ে CONMEBOL ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.