চিৰাং, 20 জুলাই : চিৰাং জিলাৰ ৰৌমাৰীত অনুষ্ঠিত গ্ৰীষ্মকালীন আন্তঃ মণ্ডল স্কুল ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে সামৰণি পৰে ৷ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতা খনৰ ১৪ বছৰ অনুৰ্ধ শাখাত আমগুৰি মণ্ডলৰ ঔগুৰি হাইস্কুল দলে বড়োবজাৰ মণ্ডলৰ বৰলাউগাঁও বড়ো হাইস্কুল দলক পৰাজিত কৰি পিলিক চৌধুৰী ট্ৰফী খেলাৰ যোগ্যতা অৰ্জন কৰিছে ৷ শনিবাৰৰ মেচত চূড়ান্ত খেলখন গল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত ট্ৰাইবেকাৰৰ জৰিয়তে ঔগুৰী হাইস্কুল দলে ৪ - ৩ গ'লত জয় লাভ কৰে ৷ উল্লেখ্য যে, বিজয়ী দলটোৱে অহা ২১ জুলাইৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া পিলিক চৌধুৰী ট্ৰফীত অংশগ্ৰহণ কৰিব ৷
আনহাতে, শুকুৰবাৰৰ মেচত ১৭ বছৰ অনুৰ্ধ ল'ৰাৰ শাখাত চিদলী - কাশীকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক পাটাবাৰী হাইস্কুল দলে পৰাজিত কৰি দেওকণ ট্ৰফী খেলাৰ যোগ্যতা অৰ্জন কৰিছে ৷ পাটাবাৰী হাইস্কুল দলে ট্ৰাইবেকাৰৰ সহায়ত চিদলী - কাশীকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৬ - ৪ গ'লত পৰাজিত কৰে ৷ অহা ২৫ জুলাইৰ পৰা নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া দেউকণ ট্ৰফীত অংশগ্ৰহণ কৰিব বিজয়ী দলটোৱে ৷
উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা গ্ৰীষ্মকালীন আন্তঃ মণ্ডল স্কুল প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি জয়পাল সিং ব্ৰহ্ম, জিলা ক্ৰীড়া বিষয়া দশৰথ ব্ৰহ্ম, চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি গুণশংকৰ ৱাৰী ৷ ১৪ বছৰ অনুৰ্ধ চূড়ান্ত খেলত বৰলাউগাঁও বড়ো হাইস্কুলৰ খেলুৱৈ দনেশ্বৰ মুছাহাৰী সহ বিজয়ী আৰু বিজিত দলক ট্ৰফী প্ৰদান কৰা হয় ৷