ETV Bharat / sports

ফুটবলক বিদায় জনালে আৰ্জেন্টিনাৰ জেভিয়াৰ মাছেৰানুয়ে - আক্ৰমণাত্মক মিডফিল্ডাৰ জেভিয়াৰ

36 বছৰ বয়সত ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে আৰ্জেন্টিনাৰ ফুটবলাৰ জেভিয়াৰ মাছেৰানুয়ে ৷ আক্ৰমণাত্মক মিডফিল্ডাৰ জেভিয়াৰে ক্লাৱ ফুটবলত ৰিভাৰ প্লেট, কৰিনথিয়ানছ, লিভাৰপুল আৰু বাৰ্চিলোনাৰ হৈ অংশগ্ৰহণ কৰিছিল ৷

36 বছৰ বয়সত অৱসৰ ঘোষণা জেভিয়াৰ মাছেৰানুৰ
ফুটবলক বিদায় জনালে আৰ্জেন্টিনাৰ জেভিয়াৰ মাছেৰানুয়ে
author img

By

Published : Nov 16, 2020, 10:18 AM IST

স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ : 36 বছৰ বয়সত ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে আৰ্জেন্টিনাৰ ফুটবলাৰ জেভিয়াৰ মাছেৰানুয়ে ৷ আক্ৰমণাত্মক মিডফিল্ডাৰ জেভিয়াৰে ক্লাৱ ফুটবলত ৰিভাৰ প্লেট, কৰিনথিয়ানছ, লিভাৰপুল আৰু বাৰ্চিলোনাৰ হৈ অংশগ্ৰহণ কৰিছিল ৷

দেওবাৰে অনুষ্ঠিত এখন লীগ মেচত আৰ্জেন্টিনোছ জুনিয়ৰ্ছৰ বিৰুদ্ধে জেভিয়াৰৰ দল এষ্টুডিয়ানটেছ 1-0 ব্যৱধানত পৰাস্ত হোৱাৰ পাচতে অৱসৰ ঘোষণা কৰে তেওঁ ৷ সাংবাদিকক তেওঁ কয়, "মই এক শতাংশই মোৰ বৃত্তিক উপভোগ কৰিছো, কিন্তু কিছু সময়ৰ পৰা ই অলপ কঠিন হৈ পৰিছে ৷ কিছুমান বস্তুৰ অন্ত পেলোৱাতো নিজে বাছি লোৱা নাযায়, ই হৈ যায় ৷"

বাৰ্চিলোনাত জেভিয়াৰে কেৰিয়াৰৰ সফলতম সময় পাৰ কৰিলে ৷ 8 বছৰত তেওঁ 19 টা খিতাপ দখল কৰিলে, ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে 5 বাৰৰ লা লিগা আৰু দুবাৰ চেম্পিয়নছ লীগ ৷

আৰ্জেন্টিনাৰ হৈ তেওঁ 147 খন মেচ আৰু চাৰিবাৰকৈ বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰিছে ৷ আৰ্জেন্টিনা অলিম্পিক দলৰ হৈ 2004 আৰু 2008 চনত তেওঁ দুবাৰকৈ স্বৰ্ণ দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : চিডনীত ভাৰতীয় ক্ৰিকেট দলৰ অনুশীলন আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.