ETV Bharat / sports

ভাৰতত আয়োজিত হ’ব অনুৰ্ধ্ব 17 মহিলা ফুটবল বিশ্বকাপ - ভাৰত

দ্বিতীয়বাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ফিফাৰ বৃহৎ টুৰ্ণামেণ্ট ৷

ভাৰতত আয়োজিত হ’ব অনুৰ্ধ্ব 17 মহিলা ফুটবল বিশ্বকাপ
author img

By

Published : Mar 16, 2019, 11:27 AM IST

স্পৰ্টছ ডেস্ক, 16 মাৰ্চঃ ভাৰতত অনুষ্ঠিত হ’ব 2020 চনৰ অনুৰ্ধ্ব 17 বৰ্ষৰ মহিলা ফুটবল বিশ্বকাপ ৷ দেশত দ্বিতীয়বাৰৰ বাবে আয়োজন হ’ব ফিফাৰ টুৰ্ণামেণ্ট ৷ আমেৰিকাৰ মিয়ামীত শুকুৰবাৰে অনুষ্ঠিত এক বৈঠক এই সিদ্ধান্ত লোৱা হয় ৷ এই কথা ফিফাৰ ৱেমেন্ছ ৱৰ্ল্ড কাপ টুইটাৰ পেজত ঘোষণা কৰা হয় ৷

ভাৰতত দ্বিতীয়বাৰৰ বাবে আয়োজন হ’ব ফিফাৰ টুৰ্ণামেণ্ট ৷ ইয়াৰ পূৰ্বে 2017 চনত ভাৰতে অনুৰ্ধ্ব 17 পুৰুষ ফুটবল বিশ্বকাপৰ সফল আয়োজন কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবে দ্বিতীয়বাৰ বিশ্বকাপ আয়োজনৰ সুযোগ লাভ কৰে ভাৰতে ৷ অখিল ভাৰতীয় ফুটবল মহাসংঘই এই সন্দৰ্ভত টুইট যোগে প্ৰকাশ কৰে 2020ৰ ফিফা অনুৰ্ধ্ব 17 মহিলা ফুটবল বিশ্বকাপৰ আয়োজনৰ দ্বায়িত্ব লাভ কৰাটো গৌৰৱ আৰু সম্মানৰ কথা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.