ETV Bharat / sports

Yuvraj Singh Met Rishabh Pant : আঘাতপ্ৰাপ্ত ঋষভ পণ্টক উৎসাহিত কৰাৰ প্ৰয়াস যুৱৰাজ সিঙৰ - Rishabh Pant missed IPL

দুৰ্ঘটনাৰ পাছতে আহত ঋষভ পণ্ট সুস্থ হ'বলৈ ধৰিছে । যুৱৰাজ সিঙে ঋষভ পণ্টক সাক্ষাৎ কৰি স্বাস্থ্য বুজ লয় (Yuvraj Singh Met Rishabh Pant)। সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি পণ্ট সোনকালে সুস্থ হোৱাৰ কামনা কৰে যুৱৰাজ সিঙে ।

Yuvraj Singh Met Rishabh Pant
ঋষভ পণ্টক উৎসাহিত কৰাৰ প্ৰয়াস যুৱৰাজ সিঙৰ
author img

By

Published : Mar 17, 2023, 8:58 PM IST

স্পৰ্টছ ডেস্ক,১৭ মাৰ্চ : লাহে লাহে সুস্থ হৈ উঠিছে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট (Rishabh Pant recovery)। ইতিমধ্যে তেওঁ শেহতীয়া এক ফটো ভাইৰেল হৈ পৰাৰ পাছতে ক্ৰিকেটাৰগৰাকীৰ আশু আৰোগ্যৰ কামনা কৰিছে বিভিন্নজনে । সোনকালে সম্পূৰ্ণ সুস্থ হৈ ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰাৰ বাবে বিভিন্নজনে প্ৰাৰ্থনা কৰিছে ।

ইয়াৰ মাজতে ২০০৯ চনৰ টি-২০ বিশ্বকাপ আৰু বিশ্বকাপ ২০১১ত ভাৰত জয়ী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতৰ প্ৰাক্তন বেটছমেন যুৱৰাজ সিঙে শেহতীয়াকৈ যুৱ তাৰকা ঋষভ পন্তক সাক্ষাৎ কৰে (Yuvraj Singh Met Rishabh Pant)।

উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ঋষভ পণ্ট (Rishabh Pant accident)। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁ আঘাতৰ পৰা আৰোগ্য হ'বলৈ আৰম্ভ কৰিছে । যুৱৰাজ সিঙে পণ্টৰ সৈতে এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । ফটোখনত ঋষভ পণ্টৰ ভৰিৰ আঘাতও স্পষ্ট হৈছে আৰু তেওঁৰ ভৰিত বেণ্ডেজ লগোৱা দেখা গৈছে (Yuvraj Singh shares photo of Pant)।

  • On to baby steps !!! This champion is going to rise again 🔜 .was good catching up and having a laugh 😅what a guy positive and funny always !! More power to you 🤛 💫 @RishabhPant17 pic.twitter.com/OKv487GrRC

    — Yuvraj Singh (@YUVSTRONG12) March 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২০১১ চনত কৰ্কট ৰোগক পৰাস্ত কৰা যুৱৰাজ সিঙে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত পণ্টৰ সৈতে ফটো শ্বেয়াৰ কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰে । পোষ্টটোত যুৱৰাজ সিঙে লিখিছ, 'এই চেম্পিয়নজন পুনৰ শিশুৰ দৰে উঠিবলৈ গৈ আছে । পণ্টক লগ পাই বৰ ভাল লাগিছে আৰু তেওঁ এগৰাকী অতি ধেমেলীয়া আৰু ইতিবাচক লোক । আপুনি আঘাতৰ পৰা সোনকালে আৰোগ্য হওঁক ।" ফটোখনত, ঋষভ পণ্টৰ ভৰিত গুৰুতৰ আঘাত থকা স্পষ্টভাৱে দেখা গৈছে । যুৱৰাজ আৰু ঋষভ দুয়োকে ফটোখনত হাঁহি থকা দেখা গৈছে ।

যুৱৰাজৰ এই সাক্ষাতে পণ্টক যথেষ্ট উৎসাহিত কৰিব বুলি আশা কৰা হৈছে কিয়নো পণ্টে আঘাতৰ পৰা আৰোগ্য হোৱাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰি আছে আৰু শেহতীয়াকৈ তেওঁ এটা সাক্ষাৎকাৰত কৈছে যে তেওঁৰ দিনত ৩-৪ টা ফিজিঅ'থেৰাপী চেচন আছে যিবোৰ অতি বেদনাদায়ক ।

দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্টে আঘাতৰ বাবে ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ১৬ তম ছিজনত খেলিব নোৱাৰিব আৰু তেওঁৰ অনুপস্থিতিৰ বাবে অষ্ট্ৰেলিয়াৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰক দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে (Rishabh Pant missed IPL)।

লগতে পঢ়ক :Test hundred of Kohli : অৱশেষত চলিল দীৰ্ঘদিনে থমকি ৰোৱা বিৰাটৰ বেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.