ETV Bharat / sports

টেইলৰক বৰ্ণবাদী গালি দি ষ্টেডিয়ামৰ পৰা বহিস্কৃত হ’ল 2 দৰ্শক

author img

By

Published : Jun 23, 2021, 10:06 AM IST

মঙলবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পঞ্চম দিনত অনুপযুক্ত আচৰণৰ বাবে চাউদাম্পটনৰ এজিয়াছ বাউল ৰ ভিৰৰ পৰা দুজন অনুৰাগীক বাহিৰ কৰি দিছিল । দুয়োজনৰ পৰা উচ্ছৃংখল আচৰণ সামাজিক মাধ্যমত প্ৰকাশ পাইছিল ।

wtc-final-2-spectators-evicted-for-hurling-racist-abuses-at-taylor
টেইলৰক বৰ্ণবাদী গালি দি ষ্টেডিয়ামৰ পৰা বহিস্কৃত হ’ল 2 দৰ্শক

স্পৰ্টছ ডেস্ক , 23 জুন : কৰ্তৃপক্ষৰ দ্বাৰা কৰা কঠোৰ ব্যৱস্থাৰ স্বত্বেও ক্ৰিকেটত বৰ্ণবাদ এক সক্ৰিয় সমস্যা হৈ আছে ৷ ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউঞ্চিলে (ICC) মঙলবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) পঞ্চম দিনত অনুপযুক্ত আচৰণৰ বাবে চাউদাম্পটনৰ এজিয়াছ বাউলৰ ভিৰৰ পৰা দুজন অনুৰাগীক বাহিৰ কৰি দিছিল । দুয়োজনৰ পৰা উশৃংখল আচৰণ সামাজিক মাধ্যমত প্ৰকাশ পাইছিল ।

ছ'চিয়েল মিডিয়াত এজন অনুৰাগীয়ে দাবী কৰিছিল যে, কেইজনমান অনুৰাগীয়ে লাইভ টেলিভিছনত নিউজিলেণ্ডৰ খেলুৱৈসকলক গালি-গালাজ কৰা শুনিবলৈ পাইছিল । ডা চুজাই নামৰ দৰ্শকজনে টুইট কৰিছিল "@ClaireFurlong14 @ICCMediaComms "হেই বন্ধুসকল, ভিৰৰ আচৰণৰ প্ৰতি লক্ষ্য কৰি খেলপথাৰত কোনোবা আছে নেকি? নিউজিলেণ্ড দলৰ ওপৰত এজন অনুৰাগীয়ে গোটেই দিনটো গালি-গালাজ কৰি আছে আৰু ৰছ টেইলৰ নিৰ্দেশিত বৰ্ণবাদী উৎপীড়নৰ হৈ আছে,"৷ তেওঁ এইটোও নিশ্চিত কৰিছিল যে তেওঁ সেইস্থানত উপস্থিত নাছিল কিন্তু লাইভ টেলিভিছনত দুৰ্ব্যৱহাৰ শুনিবলৈ সক্ষম হৈছিল ।

প্ৰত্যুত্তৰত আই চি চি (ICC)ৰ মুখপাত্ৰ ফাৰ্লঙে টুইটযোগে কয়-"আমি নিউজিলেণ্ডৰ খেলুৱৈসকলৰ ওপৰত নিৰ্দেশিত দুৰ্ব্যৱহাৰৰ প্ৰতিবেদন পাইছিলো ৷ মোৰ সৈতে যোগাযোগ কৰিবলৈ সময় লোৱাৰ বাবে ধন্যবাদ, আমি সঁচাকৈয়ে ক্ৰিকেটত এনে ধৰণৰ আচৰণৰ পক্ষত নহয় ৷ নিৰাপত্তাৰক্ষীৰ দ্বাৰা দুজন ব্যক্তিক তেওঁলোকৰ আচৰণৰ বাবে চিনাক্ত কৰি ষ্টেডিয়ামৰ পৰা বাহিৰ কৰি দিয়া হৈছে ৷

লক্ষণীয়ভাৱে, এই বছৰৰ আৰম্ভণিতে ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ চিৰাজৰ ওপৰত জাতিগত উৎপীড়ন কৰাৰ অভিযোগত কেইগৰাকীমান অনুৰাগীক চিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ পৰা বাহিৰ কৰি দিয়া হৈছিল । উল্লেখ্য যে, ডেভন কনৱেৰ আউট হোৱাৰ পিছত ৰছ টেইলৰ ক্ৰীজত বেছি পৰ স্থায়ী নহ'ল । 37 টা বলত টেইলৰে মহম্মদ ছামীৰ দ্বাৰা আউট হোৱাৰ আগতে কেৱল 11 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । পঞ্চম দিনৰ ষ্টাম্পত ভাৰতে ৬৪/২ ৰাণ ত নিউজিলেণ্ডক ৩২ ৰাণত আগুৱাই নিছিল ।

লগতে পঢ়ক : মহামাৰীৰ মাজতো শ্বেয়াৰ বজাৰত ভিৰ কৰিছে খুচুৰা বিনিয়োগকাৰীয়ে: এছ বি আই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.