ETV Bharat / sports

World Cup 2023 : বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ইংলেণ্ড - CWC 2023 point table

চলিত বিশ্বকাপত বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ডৰ প্ৰদৰ্শন একেবাৰে হতাশজনক । এইবাৰৰ বিশ্বকাপৰ পৰা ইতিমধ্যে বাহিৰ হৈছে ইংলেণ্ড । তেওঁলোকৰ বাবে পৰৱৰ্তী মেচ কেৱল আনুষ্ঠানিকতাহে মাত্ৰ । কিন্তু বিশ্বকাপৰ পৰা বিদায়ৰ পূৰ্বে এক সন্মানজনক জয়েৰে উভতিব বিচাৰে ইংলেণ্ডে । তাৰ বাবে বুধবাৰে পুনেৰ এমচিএ ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব ইংলেণ্ড । কিয়নো ইংলেণ্ডৰ বাবে এই মেচখন এক সন্মান ৰক্ষাৰ যুঁজ ।

বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ইংলেণ্ড
World Cup 2023
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 12:59 PM IST

স্পৰ্টছ ডেস্ক, ৭ নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ লীগ পৰ্যায়ৰ মেচ অন্তিম পৰ্যায়ত উপনীত হৈছে । ইতিমধ্যে লীগ পৰ্যায়তে আগতীয়াকৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছে বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড । বিশ্বকাপত এই হতাশজনক প্ৰদৰ্শনৰ মাজতে বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইংলেণ্ড । এইবাৰৰ বিশ্বকাপত হতাশাজনক খেল প্ৰদৰ্শন কৰা ইংলেণ্ডে অন্তিম মেচত কিছু ভাল প্ৰদৰ্শনৰ লক্ষ্য গ্ৰহণ কৰিব । তাৰ বাবে বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব ইংলেণ্ড । ইংলেণ্ডৰ বাবে এই মেচখন এক সন্মান ৰক্ষাৰ যুঁজ হিচাপেও পৰিগণিত হৈছে ।

মেচখন পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । বৰ্তমানলৈকে পইণ্ট তালিকাৰ একেবাৰে তলত থকা ইংলেণ্ডে মাত্ৰ এখন মেচতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে । সেয়ে প্ৰতিযোগিতাখনত নেদাৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়টো জয় সাব্যস্ত কৰিবলৈ অধিক আগ্ৰহী হ'ব ইংলেণ্ড ।

উল্লেখ্য যে বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ড আছিল খিতাপৰ অন্যতম দাবীদাৰ । কিন্তু বাংলাদেশৰ বিৰুদ্ধে মেচখনক বাদ দি এইবাৰৰ বিশ্বকাপত দলটোৱে বিশেষ একো উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই । মেচখনত ডাৱিদ মালানৰ বেটৰ পৰা এটা শতক আহে ।

আনহাতে, ইংলেণ্ডৰ দলটোৱে সামূহিক প্ৰদৰ্শন কৰাতো ব্যৰ্থ হৈছে । কেইখনমান মেচত যদি দলটোৰ বলাৰসকলে ভাল প্ৰদৰ্শন কৰিছে, কিছু মেচত আকৌ বেটছমেনসকল উজলি উঠিছে । কিন্তু সামূহিকভাৱে দলটোৱে ভাল প্ৰদৰ্শন কৰা নাই । উদাহৰণ স্বৰূপে লক্ষ্ণৌত ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল, কিন্তু তেওঁলোকৰ বেটছমেনসকল শোচনীয়ভাৱে বিফল হৈছিল ।

ইফালে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিগত মেচত এটা সময়ত ভবা হৈছিল যে ইংলেণ্ডে পাঁচবাৰৰ চেম্পিয়ন দলটোক পৰাস্ত কৰিব । কিন্তু অৱশেষত গৈ ফলাফল তাৰ বিপৰীতহে হয় ।

বুধবাৰৰ মেচখনৰ কথা ক'বলৈ হ'লে, ইংলেণ্ডৰ দল মেনেজমেণ্টে অপেনাৰ ডাৱিদ মালান আৰু জনি বেয়াৰষ্ট্ৰোৰ পৰা এক সুন্দৰ আৰম্ভণি বিচাৰিব, যাতে তাৰ ওপৰত ভিত্তি কৰি মিডল অৰ্ডাৰে দলৰ ভেঁটি গঢ়িব পাৰে ।

দুয়োগৰাকী ইংৰাজ অপেনাৰে তেওঁলোকৰ মান অনুসৰি যিকোনো আক্ৰমণ কৰিব পৰা সামৰ্থ্য আছে । আনহাতে, তাৰ পৰিৱৰ্তে তুলনামূলকভাৱে অনভিজ্ঞ নেদাৰলেণ্ডৰ বলিং আক্ৰমণ নিশ্চিতভাৱে বহু তলত ।

ইংলিছ বেটছমেনসকলৰ সন্মুখীন হোৱা আন এটা মূল সমস্যা হৈছে স্থিৰতাৰ অভাৱ । এটা উইকেট যোৱাৰ পিছত বেটিং কৰিবলৈ অহা জো ৰুটে বাংলাদেশৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিছিল । কিন্তু সেই ইনিংছটোক বাদ দি তেওঁৰ পৰা তেনে কোনো ভাল প্ৰদৰ্শন পৰৱৰ্তী মেচত অহা নাই । সেয়ে তেওঁ হয়তো নেদাৰলেণ্ডৰ বিৰুদ্ধে পুনৰ বেটেৰে গৰ্জন কৰাৰ লক্ষ্য ৰাখিব । আনহাতে, অধিনায়ক জছ বাটলাৰ আৰু অলৰাউণ্ডাৰ বেন ষ্টোকছেও তেওঁলোকৰ বিশাল ছয় কোবোৱাৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী হ'ব । ইফালে পেচাৰ ক্ৰিছ ৱ'ক্স, মাৰ্ক উড, স্পিনাৰ আদিল ৰছিদকে ধৰি ইংলিছ বলাৰসকলেও সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব ।

আনহাতে, নেদাৰলেণ্ডে ধৰ্মশালাত দক্ষিণ আফ্ৰিকাক বৰ্ষাবিঘ্নিত মেচত ধৰাশায়ী কৰাৰ পিছত কলকাতাত বাংলাদেশক পৰাস্ত কৰি পুনৰ এবাৰ অঘটন ঘটালেও আচৰিত হ'বলগা একো নাথাকিব ।

ডাচ্চ দলটোৱে এতিয়ালৈকে সামৰ্থ্য অনুযায়ী উন্নত মানৰ ক্ৰিকেট খেলিছে আৰু তেওঁলোকে লীগৰ সকলো মেচতে ভাল যুঁজ দিছে । দুখন মেচত জয় আৰু পাঁচখনত পৰাজয়েৰে ডাচ্চ দলটো পইণ্ট তালিকাৰ নৱম স্থানত আছে । তথাপি কিন্তু ইংলেণ্ডতকৈ এটা স্থান ওপৰত আছে ।

নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছে দলটোক সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু তেওঁলোকৰ অন্তৰ্নিহিত শক্তি উলিয়াই আনিবলৈ সক্ষম হৈছে । উইকেটৰক্ষক বেটছমেন এডৱাৰ্ডছে পুনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু সন্মুখৰ পৰা দলক নেতৃত্ব দিব বুলি আশা কৰা হৈছে ।

কিন্তু যদি ডাচ্চসকলে এক ডাঙৰ স্ক'ৰ অনুসৰণ কৰিবলগা হয় বা বেটিং ব্যৰ্থতাৰ সন্মুখীন হয়, তেন্তে তেওঁক আন বেটছমেনসকলৰ সমৰ্থনৰ প্ৰয়োজন হ'ব । ডাচ্চ বলাৰসকলৰো ইংলিছ বেটছমেনসকলক বান্ধি ৰাখিব পৰা সামৰ্থ্য আছে ।

লগতে পঢ়ক :Cricket World Cup 2023 : শ্ৰীলংকাৰ বিৰুদ্ধে 3 উইকেটত জয়লাভ বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.