ETV Bharat / sports

World Cup 2023 : বিশ্বকাপৰ মৰণপণ যুঁজত আজি পাকিস্তান বনাম নিউজীলেণ্ড; ৰাচিন ৰবীন্দ্ৰৰ তৃতীয় শতক

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:10 PM IST

Updated : Nov 4, 2023, 10:22 PM IST

চলিত বিশ্বকাপৰ ৩৫ সংখ্যক মেচখনত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত পাকিস্তান নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে । টছত জয়ী হৈ পাকিস্তানৰ অধিনায়ক বাবৰ আজমে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ।

বিশ্বকাপৰ মৰণপণ যুঁজত আজি পাকিস্তান বনাম নিউজীলেণ্ড
World Cup 2023

স্পৰ্টছ ডেস্ক, নৱেম্বৰ : এক গুৰুত্বপূৰ্ণ লীগ মেচত চলিত বিশ্বকাপত শনিবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে পাকিস্তান । পাকিস্তানৰ ছেমি ফাইনেলত উপনীত হোৱা আশা সজীৱ ৰখাৰ বাবে এইখন মেচত বিজয় গুৰুত্বপূৰ্ণ । আনহাতে, সুন্দৰ আৰম্ভণি সত্ত্বেও শেহতীয়া তিনিখন মেচত পৰাস্ত হৈ নিউজীলেণ্ডো সমস্যাত পৰিছে । ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে নিউজীলেণ্ডৰ বাবে এইখন মেচত জয়লাভ কৰাটোও গুৰুত্বপূৰ্ণ ।

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে টছত জয়ী হৈ নিউজীলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । নিউজীলেণ্ডৰ হৈ ডেভন কনৱে আৰু ৰাচিন ৰবীন্দ্ৰই দলক সুন্দৰ আৰম্ভণি প্ৰদান কৰে । অৱশ্যে কনৱে ৩৫ ৰাণ কৰি আউট হয় । ইয়াৰ পিছত আঘাতৰ পৰা মুক্ত হৈ দলক পুনৰ নেতৃত্ব প্ৰদান কৰা নিয়মীয়া অধিনায়ক কেন উইলিয়ামছন আৰু ৰবীন্দ্ৰই দলীয় ৰাণৰ গতি ত্বৰান্বিত কৰে ।

উইলিয়ামছনে মাত্ৰ ৫ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হ'লেও ৰাচিত ৰবীন্দ্ৰই সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি চলিত বিশ্বকাপত তৃতীয়টো শতক অৰ্জন কৰে । অৱশ্যে শতকৰ পিছত তেওঁৰ ইনিংছ বেছি দূৰ আগবঢ়াব নোৱাৰিলে । ১০৮ ৰাণ কৰি তেওঁ পেভিলিয়নমুখী হয় । বাতৰি যুগুতোৱাৰ পৰলৈকে কিৱি বাহিনীয়ে ৩৭ অভাৰত তিনি উইকেটৰ বিনিময়ত ২৭১ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, পাকিস্তানৰ হৈ হাচান আলী, ইফতিখাৰ আহমেদ আৰু মহম্মদ ৱাছিম কনিষ্ঠই এটাকৈ উইকেট লাভ কৰে ।

দল দুটা

নিউজীলেণ্ড : ডেভন কনৱে, ৰাচিন ৰবীন্দ্ৰ, কেন উইলিয়ামচন (অধিনায়ক), ডেৰিল মিচ্চেল, টম লাথাম (উইকেটৰক্ষক), গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, মিচ্চেল চেণ্টনাৰ, ঈশ সোধি, টিম ছাউডি, ট্ৰেণ্ট ব'ল্ট ।

পাকিস্তান : আব্দুল্লা চফিক, ফখৰ জামান, বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান (উইকেটৰক্ষক), ইফতিখাৰ আহমেদ, সাউদ চাকিল, আঘা চলমান, শ্বাহিন আফ্ৰিদী, হাচান আলী, মহম্মদ ৱাছিম কনিষ্ঠ, হাৰিছ ৰৌফ ।

লগতে পঢ়ক :Cricket World Cup 2023: ইডেন গাৰ্ডেনৰ টিকট কেলেংকাৰী; বুক মাই শ্বৰ বিষয়াক কলকাতা আৰক্ষীৰ জেৰা

Last Updated : Nov 4, 2023, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.