ETV Bharat / sports

World Cup 2023 : আজি ভাৰত বনাম ইংলেণ্ড, অধিনায়ক হিচাপে ৰোহিতৰ ১০০ সংখ্যক মেচ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:39 AM IST

ভাৰতীয় ক্ৰিকেট দল আজি লক্ষ্ণৌত ইংলেণ্ডৰ মুখামুখি হ'ব । অধিনায়ক ৰোহিত শৰ্মাৰ বাবে অতি গুৰুত্বপূৰ্ণ খেলখন । অধিনায়ক হিচাপে তেওঁৰ এইখন ১০০ সংখ্যক মেচ হ'ব । খেলখনত জয়ী হৈ ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব বিচাৰিব ।

World Cup 2023
অধিনায়ক হিচাপে ৰোহিতৰ ১০০ সংখ্যক মেচ

স্পৰ্টছ ডেস্ক, ২৯ অক্টোবৰ : হিটমেন হিচাপে খ্যাত ৰোহিত শৰ্মাৰ নামত ৩১ টা এদিনীয়া শতক আছে । অৱশ্যে, দেওবাৰে যেতিয়া আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ত ভাৰত ইংলেণ্ডৰ মুখামুখি হ'ব তেতিয়া ৰোহিত শৰ্মাৰ সন্মুখত আন এক ব্যতিক্ৰমী শতক থাকিব । অৰ্থাৎ অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ এইখন ১০০ নম্বৰ খেল হ'ব ।

দুপৰীয়া ১:৩০ বজাত যেতিয়া ৰোহিত শৰ্মাই লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত টছৰ বাবে আগবাঢ়িব তেতিয়া তেওঁ ১০০ নম্বৰ খেলত ভাৰতক নেতৃত্ব দিব । এই মুহূৰ্তটো অপেনাৰজনৰ বাবে গৌৰৱৰ বিষয় হ'ব । নাগপুৰত জন্মগ্ৰহণ কৰা ৰোহিত শৰ্মাই তাৰকা বেটছমেন বিৰাট কোহলীৰ পাচত ভাৰতীয় দলৰ দায়িত্ব গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৯৯ বাৰ ভাৰতক নেতৃত্ব দিছে ।

তেওঁ ৩৯ খন এদিনীয়াত ভাৰতীয় দলক নেতৃত্ব দিছে (জয়ৰ হাৰ ৭৬.৩১ শতাংশ), ৫১ খন টি-২০ (জয়ৰ হাৰ ৭৬.৪৭ শতাংশ) আৰু ৯ খন টেষ্টত (জয়ৰ হাৰ ৭১.৪২ শতাংশ) । ৰোহিত শৰ্মাই নেতৃত্ব দিয়া ৯৯ খন আন্তঃৰাষ্ট্ৰীয় খেলৰ ভিতৰত ভাৰতে ৭৩ খনত জয়লাভ কৰিছে । ৰোহিতৰ অধিনায়কত্বত ভাৰত চলিত আইচিচি ক্ৰিকেট বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে ৫ খন মেচত একেৰাহে জয়লাভ কৰিছে । দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত, আফগানিস্তানৰ বিৰুদ্ধে নতুন দিল্লীত, পাকিস্তানৰ বিৰুদ্ধে আহমেদাবাদত, বাংলাদেশৰ বিৰুদ্ধে পুনেত আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ধৰ্মশালাত জয়লাভ কৰিছে ।

  • Rohit Sharma has 4 hundreds & 12 fifties from just 38 innings as a captain in ODIs.

    - Captain, Leader, Legend, Hitman. pic.twitter.com/iVh6QaUHQV

    — Johns. (@CricCrazyJohns) October 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সেয়েহে, ভাৰতীয় দলে এই প্ৰতিযোগিতাটো ৰোহিত শৰ্মাৰ বাবে বিশেষ কৰি তুলিব বিচাৰিব আৰু তেওঁক বিজয়ৰ উপহাৰ দিব বিচাৰিব । আজি লক্ষ্ণৌত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ'ব । ইংলেণ্ডে বৰ্তমানলৈ ৫খন মেচৰ ভিতৰত মাত্ৰ এখনত জয়ী হৈছে আৰু ২ পইণ্টৰ সৈতে তালিকাৰ তলত আছে ।

বিশ্বকাপৰ দৰে ডাঙৰ ইভেণ্টত দলটোক নেতৃত্ব দিয়াৰ অধিনায়কত্বৰ বোজাই ৰোহিত শৰ্মাক একেবাৰে প্ৰভাৱিত কৰা নাই ৷ কিয়নো তেওঁ এতিয়ালৈকে বিশ্বকাপৰ এই সংস্কৰণত সন্মুখৰ পৰা নেতৃত্ব দিছে । ৰোহিতে বেটেৰেও সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু যথেষ্ট ৰাণ সংগ্ৰহ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই প্ৰতিযোগিতাখনত তেওঁ ইতিমধ্যে এটা অৰ্ধশতক আৰু এটা শতক কৰিছে । তেওঁ প্ৰথম ৫ খন খেলত কেইবাটাও অভিলেখ ভংগ কৰিছে । ৰোহিতে আফগানিস্তানৰ বিৰুদ্ধে ১৩১ ৰাণ, পাকিস্তানৰ বিৰুদ্ধে ৮৬ ৰাণ, বাংলাদেশৰ বিৰুদ্ধে ৪৮ ৰাণ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ৪৬ ৰাণ সংগ্ৰহ কৰিছে । চলিত বিশ্বকাপত ৩১১ ৰাণ সংগ্ৰহ কৰা অভিজ্ঞ বেটছমেন ৰোহিতে একানাত জনতাৰ সন্মুখত আকৌ এবাৰ ইংলেণ্ডৰ আক্ৰমণক পৰাস্ত কৰিব বিচাৰিব ।

ৰোহিত শৰ্মা ইণ্ডিয়া প্ৰিমিয়াৰ লীগৰো আটাইতকৈ সফল অধিনায়ক আছিল । ৰোহিত ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দল আৰু ২০১৩ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী বিজয়ী দলৰ অংশ আছিল । য'ত তেওঁ আৰু শিখৰ ধাৱানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ভাৰতে চলিত ক্ৰিকেট বিশ্বকাপত ইংলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিব আৰু তেওঁলোকৰ আকাংক্ষিত ট্ৰফী জয়ী হোৱাৰ সপোনো পূৰণ কৰিব বিচাৰিব ।

লগতে পঢ়ক :ICC World Cup 2023 : ৰোমাঞ্চকৰ খেলত কিৱিৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ কেংগেৰু বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.