ETV Bharat / sports

Happy Birthday MS Dhoni : 40 বছৰীয়া হ’ল ‘Captain cool’ - happy birthday MSD

ভাৰতীয় ক্ৰিকেট দলৰ ‘Captain cool’ খ্যাত মহেন্দ্ৰ সিং ধোনী (MS Dhoni)ৰ 40 বছৰীয়া জন্মদিন ৷ খেলুৱৈসকলৰ লগতে অনেক গুণমুগ্ধই ছ’চিয়েল মিডিয়াযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে এমএছ ধোনীক ৷

MS Dhoni Birthday
মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন
author img

By

Published : Jul 7, 2021, 7:52 PM IST

স্পৰ্টছ ডেস্ক, 7 জুলাই : বুধবাৰে 40 বছৰ বয়সত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ ‘Captain cool’ খ্যাত মহেন্দ্ৰ সিং ধোনী (MS Dhoni)য়ে ৷ খেলুৱৈসকলৰ লগতে অলেখ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াযোগে জন্মদিনৰ শুভেচ্ছা জনালে এমএছ ধোনীক ৷ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ দিনাই প্ৰাক্তন অল-ৰাউণ্ডাৰ (all-rounder) সুৰেশ ৰাইনায়ো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰে ৷

জন্মদিন উপলক্ষে ধোনীক এইদৰে শুভেচ্ছা জনায় ৰাইনাই, ‘‘জন্মদিনৰ শুভেচ্ছা @msdhoni ৷ আপুনি মোৰ বাবে সদায় এজন বন্ধু, ভাতৃ আৰু এগৰাকী মেণ্টৰৰ লেখীয়া ৷ আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ৷ এগৰাকী ‘আইকনিক প্লেয়াৰ’ (Iconic Player) হোৱাৰ বাবে ধন্যবাদ’’ ৷ ("Wishing you a very happy birthday @msdhoni You have been a friend, brother and a mentor to me, all one could ever ask for. May God bless you with good health and long life! Thank you for being an iconic player and a great leader.#HappyBirthdayDhoni,")

  • Wishing you a very happy birthday @msdhoni You have been a friend, brother & a mentor to me, all one could ever ask for. May God bless you with good health & long life! Thank you for being an iconic player & a great leader.#HappyBirthdayDhoni ❤️🙌 pic.twitter.com/qeLExrMonJ

    — Suresh Raina🇮🇳 (@ImRaina) July 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এমএছ ধোনী এগৰাকী মহান অধিনায়ক আছিল, যিয়ে অধিনায়ক হৈ থকাৰ সময়চোৱাত সকলো পৰ্যায়ৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয় ৷ 2007 চনত টি-20 বিশ্বকাপ (T20 World Cup)ৰ পৰা আৰম্ভ কৰি 2013 চনত চেম্পিয়নছ ট্ৰফী (Champions Trophy) আৰু 2011 চনত এদিনীয়া বিশ্বকাপ (ODI World Cup) বঁটা নিজ গৃহলৈ আনিছিল এইগৰাকী ‘Captain cool’ এ ৷

টুইটযোগে BCCIয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাই এইদৰে কয়, ‘‘এগৰাকী মহান খেলুৱৈ আৰু অনুপ্ৰেৰণালৈ জন্মদিনৰ শুভেচ্ছা’’ ৷ ("A legend and an inspiration! Here's wishing former #TeamIndia captain @msdhoni a very happy birthday. #HappyBirthdayDhoni.")

ইয়াৰোপৰি, বিৰাট কোহলী, হাৰ্ডিক পাণ্ডিয়া, ঈশান্ত শৰ্মাকে ধৰি প্ৰতিগৰাকী বৰ্তমানৰ ক্ৰিকেটাৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰে ধোনীক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে ৷ 2008 চনত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভৰি দিছিল ধোনীয়ে ৷ 16 বছৰীয়া ক্ৰিকেটৰ এই যাত্ৰাত মুঠ 538 খন মেচ খেলিছিল ধোনীয়ে ৷ ইয়াৰ ভিতৰত 350 খন এদিনীয়া শৃংখলা, 90 খন টেষ্ট আৰু 98 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে এমএছ ধোনীয়ে ৷

  • Dada taught us youngsters how to win and Dhoni made it into a habit. Two great leaders from different eras born just a day apart. Happy birthday to the men who shaped Indian cricket.@msdhoni @SGanguly99 pic.twitter.com/l8F7qaPlWr

    — Mohammad Kaif (@MohammadKaif) July 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বিগত বৰ্ষৰ 15 আগষ্টত ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ তেওঁৰ কেৰিয়াৰ (Career)ত টেষ্ট মেচত গড়ে 38.09ৰ সৈতে 4,876 ৰাণ, এদিনীয়া শৃংখলাত 50.57 গড়ৰ সৈতে 10,773 ৰাণ আৰু টি-20ত 126.13 ষ্ট্ৰাইক ৰেট (Strike Rate)ৰ সৈতে মুঠ 1617 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : স্পেইনৰ আশা ভংগ কৰি Euro cup ৰ ফাইনেলত ইটালী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.