ETV Bharat / sports

ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলত খেলপথাৰত প্ৰৱেশ কৰা যুৱকজন কোন আছিল ?

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:13 AM IST

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল চলি থকাৰ মাজতে এজন যুৱকে খেলপথাৰত প্ৰৱেশ কৰি কোহলীক আলিংগনৰ চেষ্টা কৰিছিল । যুৱকজনৰ পোছাকত পেলেষ্টাইন পন্থী শ্ল'গান লিখা আছিল । আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । কিন্তু যুৱকজন কোন ? তেওঁৰ উদ্দেশ্য কি আছিল ?

palestine supporter
ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলত খেলপথাৰত প্ৰৱেশ কৰা যুৱকজন কোন আছিল

স্পৰ্টছ ডেস্ক,২১ নৱেম্বৰ : নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখনত লাখ লাখ লোকৰ ভিৰ দেখা গৈছিল । তাৰ মাজতে নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ত্ৰুটিৰ অভিযোগ উঠিছে । কিয়নো ৬,০০০ আৰক্ষী বাহিনী থকা স্বত্বেও এজন পেলেষ্টাইনী সমৰ্থকে খেলপথাৰত প্ৰৱেশ কৰিছিল । এই ঘটনাৰ পাছতে আৰক্ষীৰ কাৰ্যকলাপ আৰু নিৰাপত্তা সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । লোকজন ভান জনছন বুলি চিনাক্ত হৈছে । খেল চলি থকাৰ মাজতে তেওঁ হঠাতে খেলপথাৰত প্ৰৱেশ কৰিছিল আৰু বেটিং কৰি থকা বিৰাট কোহলীক আলিঙ্গনৰ চেষ্টা কৰিছিল ।

ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলত এই ঘটনাটো সংঘটিত হয় । যাক লৈ এতিয়া বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে, পেলেষ্টাইন পন্থী শ্ল'গান লিখা টি-চাৰ্ট পিন্ধা ভান জনছনক চান্দখেদা আৰক্ষী থানালৈ লৈ যোৱা হয় । চান্দখেদা আৰক্ষী থানালৈ ভান জনছনক অনাৰ এটা ভিডিঅ' শেহতীয়াকৈ পোহৰলৈ আহিছে । য'ত লোকজনে নিজৰ পৰিচয় দিছে । তেওঁ কৈছে যে তেওঁ এজন অষ্ট্ৰেলিয়ান নাগৰিক আৰু বিৰাট কোহলীক সাক্ষাতৰ বাবে খেলপথাৰলৈ গৈছিল ।

ইফালে নিৰাপত্তাৰ ব্যাপক ত্ৰুটিক লৈ এতিয়া বিভিন্নজনে আৰক্ষীক সমালোচনাও কৰিছে । ঘটনাটোৱে গুজৰাট আৰক্ষীৰ ভিতৰচ'ৰাত আলোড়নৰ সৃষ্টি কৰিছে । মন কৰিবলগীয়া যে ক্ৰিকেট ষ্টেডিয়ামত ফাইনেল মেচ খন চাবলৈ বহুতো চেলিব্ৰেটী উপস্থিত থকা স্বত্বেও এই বিদেশী যুৱকজনে আৰক্ষীৰ কঠোৰ নিৰাপত্তা ভংগ কৰি কেনেকৈ খেলপথাৰত প্ৰৱেশ কৰিছিল ?

সমান্তৰালকৈ আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ জেৰাত যুৱকজন ক'ৰ পৰা আহিছে, তেওঁৰ নাম কি, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিছে এই সকলো তথ্য পোহৰলৈ আহিছে । ভান জনছন নামৰ যুৱকজন অষ্ট্ৰেলিয়াৰ নাগৰিক আৰু চিডনীৰ বাসিন্দা । তেওঁৰ পিতৃ জানজন চীনা বংশোদ্ভূত আৰু তেওঁৰ মাতৃ মেৰিলিন ফিলিপাইন বংশোদ্ভূত । তথ্য অনুসৰি, তেওঁ এটা সৌৰ পেনেল কোম্পানীত কাম কৰে আৰু ভিডিঅ' এপ টিকটকতো অতি সক্ৰিয় ।

যুৱকজন পেলেষ্টাইনপন্থী বুলি বিশ্বাস কৰা হয় কিয়নো তেওঁ পিন্ধি থকা টি-চাৰ্টটোত পেলেষ্টাইন পন্থী শ্ল'গান লিখা আছিল । যুৱকজনে পেলেষ্টাইনৰ পতাকাৰ মাস্ক পৰিধান কৰি আছিল আৰু হাতত পেলেষ্টাইনৰ পতাকা আছিল । ঘটনাটোৰ পাছত, সুৰক্ষা কৰ্মীসকলে তেওঁক খেলপথাৰৰ পৰা লৈ যায় আৰু স্থানীয় আৰক্ষীৰ হস্তান্তৰ কৰে । ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । অপৰাধৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অধিক তদন্তৰ বাবে যুৱকজনক আহমেদাবাদ অপৰাধ শাখাক হস্তান্তৰ কৰা হৈছে ।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত ভান জনছনৰ ইউক্ৰেইনৰ সৈতে কোনো সম্পৰ্ক নাছিল । তথাপিও তেওঁ ফিফা মহিলা বিশ্বকাপৰ সময়ত ফ্ৰী ইউক্ৰেইন লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ কৰিছিল আৰু জনপ্ৰিয় হ'ব বিচাৰিছিল । যাৰ বাবে বিশ্বাস কৰা হৈছে যে যুৱকজনে জনপ্ৰিয়তা লাভৰ বাবেহে এনেদৰে মুখ্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া খেলত খেলপথাৰত প্ৰৱেশৰ চেষ্টা কৰে ।

ফিফা মহিলা বিশ্বকাপৰ সময়ত ফ্ৰী ইউক্ৰেইন লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ কৰাৰ বাবে তেওঁক ৫০০ ডলাৰ জৰিমনা বিহা হৈছিল । একেদৰে অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনৰ চান কৰ্প ষ্টেডিয়ামত ২০২০ চনৰ ষ্টেট অফ অৰিজিন-৩ ৰাগবী খেলৰ সময়ত ভান জনছনে খেলুৱৈৰ পোছাকত খেলপথাৰত প্ৰৱেশ কৰিছিল । অষ্ট্ৰেলিয়াৰ আদালতে তেওঁৰ বিৰুদ্ধে ২০০ ডলাৰ জৰিমনা ঘোষণা কৰিছিল ।

লগতে পঢ়ক :বিশ্বকাপত পৰাজয়; ভাৰতীয় বেটচমেনৰ বেটিং বিশ্লেষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.