ETV Bharat / sports

West Indies announce squad for 2nd Test : ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ৱেষ্ট ইণ্ডিজৰ দলত নতুন স্পিনাৰ - Off spinner Kevin Sinclair

২০ জুলাইৰ পৰা ত্ৰিনিদাদত অনুষ্ঠিত হ'ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় তথা অন্তিম টেষ্ট । ঘৰুৱা দলটোৱে যুৱ স্পিনাৰ ছিনক্লেয়াৰক দলত অন্তৰ্ভুক্ত কৰিছে । ছিনক্লেয়াৰৰ এইখন হ'ব টেষ্টৰ অভিষেক মেচ ।

West Indies announce squad for 2nd Test
ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ৱেষ্ট ইণ্ডিজৰ দলত নতুন স্পিনাৰ
author img

By

Published : Jul 18, 2023, 11:08 AM IST

স্পৰ্টছ ডেস্ক,১৮ জুলাই : ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত শোচনীয় পৰাজয়ৰ পাচত নতুনকৈ ৰণনীতি প্ৰস্তুত কৰিছে ৱেষ্ট ইণ্ডিজ দলে । দ্বিতীয় টেষ্টত ভাৰতক পৰাজিত কৰাৰ লক্ষ্যৰে দলত নতুন স্পিনাৰো অন্তৰ্ভুক্ত কৰিছে ৱেষ্ট ইণ্ডিজ দলে । লক্ষ্য এটাই দ্বিতীয় তথা অন্তিম টেষ্টত ভাৰতক পৰাজিত কৰা ।

আইচিচিৰ মতে, ৱেষ্ট ইণ্ডিজে দ্বিতীয় টেষ্টৰ বাবে ১৩ জনীয়া দলটো ঘোষণা কৰিছে । আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ প্ৰথম প্ৰদৰ্শনত কেৰিবিয়ান দলটো ভাৰতৰ হাতত হতাশাজনক ইনিংছ আৰু ১৪১ ৰাণৰ পৰাজয়ৰ সন্মুখীন হয় আৰু বৃহস্পতিবাৰে কুইন্স পাৰ্ক অভেলত দ্বিতীয় টেষ্টত তেওঁলোক মুখামুখি হ'ব । সেয়েহে দলটোৱে শৃংখলাটো টাই কৰিবলৈ আগ্ৰহী হ'ব ।

অৱশ্যে ডমিনিকাত ভাৰতৰ হাতত পৰাজিত হোৱা দলটোৰ সৰহ সংখ্যক খেলুৱৈয়ে পুনৰ তালিকাত স্থান পাইছে । কেৱল অলৰাউণ্ডাৰ ৰেমন ৰেইফাৰৰ স্থানত ১৩ জনীয়া দলত ৰোমাঞ্চকৰ অফ স্পিনাৰ কেভিন ছিনক্লেয়াৰক অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে ৰেমন ৰেইফাৰে ভাৰতৰ বিৰুদ্ধে আৰম্ভণিৰ টেষ্টত এটাও উইকেট দখল কৰিব পৰা নাছিল আৰু দুটা ইনিংছত ক্ৰমে ২ আৰু ১১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । কিন্তু দলটোৰ সৈতে খেলুৱৈগৰাকী ত্ৰিনিদাদলৈ যাত্ৰা কৰিব আৰু কোনো খেলুৱৈ আঘাত হোৱাৰ দলে পৰিস্থিতিত তেওঁক ব্যৱহাৰ কৰা হ'ব পাৰে । দলত অন্তৰ্ভুক্ত হোৱা ছিনক্লেয়াৰে ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ক্ৰেগ ব্ৰেথৱেটক আন এজন বলিং বিকল্প প্ৰদান কৰিব ।

২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ইতিমধ্যে ৭ খন এদিনীয়া আৰু ৬ খন টি-২০ত দলটোত অংশগ্ৰহণ কৰিছে । শেহতীয়াকৈ জিম্বাবোৱেত অনুষ্ঠিত আইচিচি ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰ টুৰ্ণামেণ্টৰ সময়তো তেওঁ দলটোৰ অংশ আছিল ।

গুয়ানাত জন্মগ্ৰহণ কৰা ছিনক্লেয়াৰ তেওঁৰ ট্ৰেডমাৰ্ক ফ্লিপৰ বাবে বিখ্যাত । ত্ৰিনিদাদত ছিনক্লেয়াৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমখন খেল খেলিব । সতীৰ্থ স্পিনাৰ ৰাহকিম কৰ্ণৱালৰ সৈতে একেলগে দলটোক জয়ী কৰোৱাৰ চেষ্টা চলাব যুৱ খেলুৱৈগৰাকীয়ে । অৱশ্যে শক্তিশালী স্থিতিত থকা ভাৰতক ৱেষ্ট ইণ্ডিজৰ দলটোৱে বাধা দিয়াত কিমান সফল হ'ব সেয়া সময়েহে ক'ব !

লগতে পঢ়ক :IND vs WI test 2023 : প্ৰথমখন টেষ্টত ভাৰতৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.