ETV Bharat / sports

T-20 World Cup : সন্মান ৰক্ষাৰ চেষ্টাৰে খেলপথাৰত কোহলী বাহিনী

author img

By

Published : Nov 3, 2021, 7:37 PM IST

আবু-ভাবিত এখন গুৰুত্বপূৰ্ণ মেচত আজি মুখামুখি হৈছে ভাৰত আৰু আফগানিস্তান ৷ টচত জিকি বলিঙৰ সিদ্ধান্ত আফগানিস্তানৰ অধিনায়ক মহম্মদ নবীৰ ৷

T-20 World Cup
T-20 World Cup

নিউজ ডেস্ক, 3 নবেম্বৰ : T-20 বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত আজি মুখামুখি হৈছে ভাৰত আৰু আফগানিস্তান ৷ টচত জিকি বলিঙৰ সিদ্ধান্ত আফগানিস্তানৰ অধিনায়ক মহম্মদ নবীৰ ৷ আজিৰ খেলখনত জয়লাভ কৰাতো অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ভাৰতৰ বাবে ৷

ইতিমধ্যে পূৰ্বৰ দুখন খেলত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হৈছে ভাৰত ৷ প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ এতিয়া কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে কোহলী বাহিনী ৷

উল্লেখ্য যে, আফগানিস্তানৰ সৈতে জয়ী হ’লেও পথ মুঠেই প্ৰশস্ত নহয় ভাৰতৰ বাবে ৷ টুৰ্ণামেন্টৰ পৰৱৰ্তী খেলত আফগানিস্তানে নিউজিলেণ্ডক পৰাজিত কৰিব পাৰিলেহে ভাৰতৰ স্থান সুনিশ্চিত হ’ব ৷ তাৰোপৰি নামিবিয়া আৰু স্কটলেণ্ডৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া দুয়োখন খেলতে যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব কোহলী বাহিনী ৷

ইতিমধ্যে আফগানিস্তানে 3 খন খেলৰ দুখনত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাস্ত হৈ 4 পইন্ট অৰ্জন কৰিছে ৷ আনহাতে, বৰ্তমানলৈকে 2 খন খেল খেলি দুয়োখনতে পৰাস্ত হোৱা ভাৰতে কোনো পইন্ট অৰ্জন কৰিব পৰা নাই ৷

আজিৰ খেলখনত ভাৰতীয় দলত আছে ৰোহিত শৰ্মা, কে এল ৰাহুল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ট, হাৰ্ডিক পাণ্ডিয়া, ৰবীচন্দন আশ্বিন, ৰবীন্দ্ৰ জাদেজা, শ্বাৰ্দুল ঠাকুৰ, মহম্মদ শ্বামী আৰু যশপ্ৰীট বুমৰাহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.