স্প'ৰ্টছ ডেস্ক,১জুলাই: ক্ৰিকেট অনুৰাগীৰ বাবে দুঃসংবাদ। শ্ৰীলংকাৰ নিৰ্ভৰযোগ্য় বেটছমেন এঞ্জেলো মেথিউছ খেলৰ মাজতেই কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে (Sri Lankan batsmen Angelo Mathews tested COVID-19 positive )। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম ক্ৰিকেট টেষ্ট খেলি থকাৰ মাজতে এই বাতৰি প্ৰকাশ কৰিছে শ্ৰীলংকা ক্ৰিকেট বোৰ্ডে ( Srilanka cricket board)।
উল্লেখ্য় যে শ্ৰীলংকাৰ গালেত শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠত হৈছে প্ৰথমখন ক্ৰিকেট টেষ্ট মেচ (Australia-Srilanka third test match at Galle)। এই মেচখনৰ তৃতীয় দিনা তেওঁ অসুস্থ অনুভৱ কৰাত ক'ভিড-১৯ পৰীক্ষা কৰা হয় । এই পৰীক্ষাত তেওঁ আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত আইশ্ব'লেচনত ৰখা হৈছে ।
এই খেলখনত এতিয়া বাকীখিনি খেলিবলৈ মেথিউছৰ সলনি ওছাদা ফাৰ্নাণ্ডোক অন্তৰ্ভুক্ত কৰা হৈছে বুলি শ্ৰীলংকা ক্ৰিকেট বোৰ্ডে এক বাৰ্তাত প্ৰকাশ কৰিছে(Oshada Fernando replace for Mathews)। ইপিনে,শ্ৰীলংকাই টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ২১২ ৰাণতে সামৰে। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১০৯ ৰাণৰ অগ্ৰগতি লাভ কৰি ৩২১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক:মণিপুৰৰ ভূমিস্খলনত লাহৰীঘাটৰ ২৩ জন শ্ৰমিক হতাহত হোৱাৰ লগতে নিহত এজন