ETV Bharat / sports

Delhi pollution : দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ, শ্ৰীলংকা দলে বাতিল কৰিলে অনুশীলন

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:13 PM IST

দিল্লীত বায়ু প্ৰদূষণ গুৰুতৰ হৈ পৰিছে । বাংলাদেশৰ ক্ৰিকেট দলৰ পাছত এইবাৰ শ্ৰীলংকাইও শনিবাৰৰ অনুশীলন বাতিল কৰিছে । সোমবাৰে দিল্লীত দুয়োটা দল আইচিচি বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলখনত মুখামুখি হ'ব ।

Delhi pollution
দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে বাতিল শ্ৰীলংকা দলৰ অনুশীলন

স্পৰ্টছ ডেস্ক,৪ নৱেম্বৰ : নতুন দিল্লীত পুনৰ বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে । প্ৰদূষণে দিল্লীবাসীক উদ্বিগ্ন কৰি তুলিছে । কেৱল এয়াই নহয় আইচিচি বিশ্বকাপৰ অন্যতম দুটা দল ক্ৰমে বাংলাদেশ আৰু শ্ৰীলংকাৰ খেলুৱৈসকলো সমস্যাৰ সন্মুখীন হৈছে । বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত শ্ৰীলংকাৰ শনিবাৰৰ প্ৰাৰম্ভিক অনুশীলন বাতিল কৰা হৈছে । ইয়াৰ পূৰ্বে দিল্লীৰ বায়ু প্ৰদূষণ গুৰুতৰ হোৱাৰ লগে লগে বাংলাদেশ দলেও শুকুৰবাৰে অনুশীলন বাতিল কৰিছিল ।

দিল্লীত বায়ুমণ্ডলৰ সূচাংক ৪০৭ত উপনীত হোৱাৰ লগে লগে শ্ৰীলংকাৰ দলটোৱে খেলপথাৰলৈ আহিবলৈ অস্বীকাৰ কৰে । শ্ৰীলংকা ক্ৰিকেটৰ এক সূত্ৰৰ মতে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে অনুশীলন বাতিল কৰিছে । শ্ৰীলংকাই শনিবাৰে অনুশীলন কৰাৰ কথা আছিল । অৱশ্যে, বাংলাদেশে খেলৰ দুদিন পূৰ্বে অনুশীলনৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । দলটোৱে গধুলি অনুশীলন কৰাৰ কথা আছে !

উল্লেখ্য যে বায়ুৰ সূচাংক ০ আৰু ৫০-ৰ মাজত ভাল বুলি ধৰা হয় । ৫১-১০০লৈ সন্তোষজনক, ১০১-২০০ লৈ মধ্যমীয়া, ২০১-৩০০ লৈ দুৰ্বল, ৩০১-৪০০ লৈ অতি দুৰ্বল আৰু ৪০১-৫০০লৈ গুৰুতৰ বুলি গণ্য কৰা হয় । অৱশ্যে আইচিচিয়ে খেলখন দিল্লীৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা নাই । কিন্তু এনে পৰিস্থিতিত খেলখন অনুষ্ঠিত হ'ব নে নাই সেই সিদ্ধান্ত সময়তহে লোৱা হ'ব ।

আইচিচিৰ এগৰাকী বিষয়াৰ মতে তেওঁলোকে বৰ্তমান পৰিস্থিতিৰ মূল্যাঙ্কন কৰি আছে । আইচিচি আৰু আয়োজক বিচিচিআইয়ে সকলো অংশগ্ৰহণকাৰীৰ সুৰক্ষাক গুৰুত্ব সহকাৰে লৈছে । যাৰ বাবে নিৰন্তৰভাৱে দিল্লীৰ বায়ু প্ৰদূষণ নিৰীক্ষণ কৰি থকা হৈছে । আনহাতে পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শও লোৱা হৈছে বুলি বিষয়াগৰাকীয়ে জনাইছে ।

শ্ৰীলংকা দলটোৱে পূৰ্বেও দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সন্মুখীন হৈছিল । আনকি শ্ৰীলংকাৰ খেলুৱৈসকলে ২০১৭ চনত ভাৰতৰ বিৰুদ্ধে দ্বিপাক্ষিক টেষ্ট শৃংখলাৰ সময়ত মাস্ক পৰিধান কৰিবলগীয়া হৈছিল । শুকুৰবাৰে বাংলাদেশ দলৰ সঞ্চালক খালেদ মাহমুদে কোৱা মতে খেলুৱৈসকলক হোটেলৰ বাহিৰলৈ লৈ যোৱাৰ পাছতে তেওঁলোকে স্বাস্থ্যজনিত সমস্যাত ভুগিছিল । সেয়েহে মেনেজমেণ্টে প্ৰথম অনুশীলন বাতিল কৰাৰ সিদ্ধান্ত লৈছিল ।

লগতে পঢ়ক :Cricket World Cup 2023: ইডেন গাৰ্ডেনৰ টিকট কেলেংকাৰী; বুক মাই শ্বৰ বিষয়াক কলকাতা আৰক্ষীৰ জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.