ETV Bharat / sports

World Cup 2023 : ছামীৰ হাতৰ যাদুত ধৰাশায়ী ইংলেণ্ড, দুখন মেচত ৯ টা উইকেট লাভ - India in World Cup

নিউজীলেণ্ডৰ বিৰুদ্ধে ৫ টা উইকেট লাভ কৰাৰ পাছত ইংলেণ্ডৰ বিৰুদ্ধেও ৪ টা উইকেট লাভ কৰে ছামীয়ে । বিশ্বকাপৰ সফল বলাৰৰ তালিকাত উন্নীত হ'ল ছামী । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ এলান ডনাল্ডক চেৰ পেলালে ছামীয়ে । ১৩ খন মেচতে ৪০ টা উইকেট লাভ কৰিবলৈ সক্ষম ।

World Cup 2023
ছামীৰ হাতৰ যাদুত ধৰাশায়ী ইংলেণ্ড
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:05 PM IST

স্পৰ্টছ ডেস্ক,৩০ অক্টোবৰ : পুনৰ এবাৰ ভাৰতীয় পেচাৰ মহম্মদ ছামীৰ হাতৰ যাদুৱে ভাৰতক ২ পইণ্ট লাভ কৰাত সহায় কৰিলে । দেওবাৰে লক্ষ্ণৌত ছামীয়ে একপ্ৰকাৰ ইংলেণ্ডৰ বেটিং লাইনআপক ধৰাশায়ী কৰিলে । ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৩৩ বছৰীয়া ছামীয়ে মাত্ৰ ২২ ৰাণ দি ৪ টাকৈ উইকেট লাভ কৰে । তেওঁৰ উন্নত প্ৰদৰ্শনৰ বাবে ভাৰতে ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

ভাৰতে প্ৰথমে বেটিং কৰে আৰু অধিনায়ক ৰোহিত শৰ্মাৰ ৮৭ ৰাণৰ আকৰ্ষণীয় ইনিংছৰ সৈতে ৯ টা উইকেটত মাত্ৰ ২২৯ ৰাণহে কৰিবলৈ সক্ষম হয় । এয়া সন্মানজনক স্ক'ৰ আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে এয়া কোনো ডাঙৰ স্ক'ৰ যেন লগা নাছিল । কিন্তু ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শনে ৩৫ অভাৰত মাত্ৰ ১২৯ ৰাণতে ইংলেণ্ডক বান্ধি ৰাখিলে । ইংলেণ্ডৰ বিৰুদ্ধে এই জয় ভাৰতৰ বাবে স্মৰণীয় হৈ ৰ'ব ।

ছামীয়ে খেলখনত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ এলান ডনাল্ডৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় । হোৱাইট-লাইটনিং বুলি জনাজাত ডনাল্ডে এদিনীয়া বিশ্বকাপত ২২ খন মেচত ৩৮ টা উইকেট লাভ কৰিছিল । কিন্তু ছামীয়ে মাত্ৰ ১৩ খন মেচতে ৪০ টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে যোৱা দুখন খেলত ছামীয়ে ৯ টা উইকেট লাভ কৰিছে । নিউজীলেণ্ডৰ বিৰুদ্ধে ৫ টা উইকেট আৰু তাৰ পাছত দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৪ টা উইকেট ।

ছামী এতিয়া দক্ষিণ আফ্ৰিকাৰ ইমৰান তাহিৰৰ সৈতে তালিকাৰ যুটীয়াভাৱে ১১ নম্বৰ স্থানত আছে । তাহিৰৰ নামতো ৪০ টা উইকেট আছে । ইয়াৰ পূৰ্বে মাত্ৰ দুগৰাকী ভাৰতীয় বলাৰ ক্ৰমে জাহিৰ খান (২৩ খন মেচত ৪৪ টা উইকেট) আৰু জৱাগল শ্ৰীনাথে (৩৪ খন মেচত ৪৪ টা উইকেট) তালিকাৰ শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । মহম্মদ ছামীয়ে ভাৰতৰ দুয়োগৰাকী প্ৰাক্তন পেচাৰৰ অভিলেখ ভংগ কৰাৰ লক্ষ্য আগত ৰাখিব । কিয়নো ভাৰতৰ বাবে সন্মুখত ৩ খন খেল আছে । শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডৰ বিৰুদ্ধে লীগ পৰ্যায়ত ভাৰত অৱতীৰ্ণ হ'ব ।

উল্লেখ্য যে বিশ্বকাপৰ সফল বলাৰৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়ান পেচাৰ গ্লেন মেকগ্ৰাথ । ৪২ খন মেচত তেওঁৰ ৭১ টা উইকেট আছে । আনহাতে শ্ৰীলংকাৰ স্পিনাৰ মুথায়া মূৰুলীধৰণে ৬৮ টা উইকেট লাভ কৰি দ্বিতীয় স্থানত আছে ।

লগতে পঢ়ক :ICC World Cup 2023 : ৰোহিত শৰ্মালৈ চলিত বিশ্বকাপৰ দ্বিতীয়টো মেন অফ দ্য মেচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.