ETV Bharat / sports

টি-২০ত বিৰাট আৰু ৰোহিতৰ অন্তৰ্ভুক্তিক লৈ দোমোজাত বিচিচিআই - IND vs AFG T20

১১ জানুৱাৰীৰ পৰা ভাৰত আৰু আফগানিস্তানৰ মাজত টি-২০ শৃংখলা আৰম্ভ হ'ব (IND vs AFG T20)। এতিয়ালৈ বিচিচিআইয়ে দল ঘোষণা কৰা নাই । দলত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক অন্তৰ্ভুক্ত কৰা হ'ব নে নহয় সেয়া এতিয়া বিচিচিআইৰ সন্মুখত ডাঙৰ প্ৰশ্ন ।

IND vs AFG T20
টি-২০ত বিৰাট আৰু ৰোহিতৰ অন্তৰ্ভুক্তিক লৈ দোমোজাত বিচিচিআই
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 2:30 PM IST

স্পৰ্টছ ডেস্ক,৭ জানুৱাৰী : অহা জুনত অনুষ্ঠিত হ'ব পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট । ভাৰতীয় দলৰ নিৰ্বাচকসকলেও টি-২০ বিশ্বকাপৰ ওপৰত দৃষ্টি ৰাখিছে । কিন্তু তাৰ পূৰ্বে ১১ জানুৱাৰীৰ পৰা ভাৰত আৰু আফগানিস্তানৰ মাজত টি-২০ শৃংখলা অনুষ্ঠিত হ'ব । ভাৰতীয় নিৰ্বাচকসকলৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ মাজত বাছনি কৰাটো সহজ নহয় । দুয়োগৰাকীকে দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । কিন্তু আই পি এলৰ সময়ত দুয়োগৰাকীৰে ফৰ্ম আগন্তুক টি-২০ বিশ্বকাপ দলত বাছনিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।

ইফালে দুয়োগৰাকীৰ অন্তৰ্ভুক্তক লৈ আন এক পৰ্যায়ৰ আলোচনাও হ'ব পাৰে । ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ (বিচিচিআই) জ্যেষ্ঠ বিষয়াসকলে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰে । নিৰ্বাচকসকলৰ অধ্যক্ষ অজিত আগৰকাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ সময়ত দুয়োগৰাকী খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিছিল । কিন্তু বহুতো বাহ্যিক কাৰক আছে যিবোৰ বিচিচিআইৰ সচিব জয় শ্বাহৰ লগতে আন বিষয়াসকলে আলোচনা কৰি সিদ্ধান্ত ল'ব পাৰে ।

লক্ষণীয়ভাৱে ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-২০ শৃংখলাৰ বাবে মাজত মাত্ৰ ৫ দিন বাকী আছে । কিন্তু বিচিচিআইয়ে এতিয়ালৈ ভাৰতীয় দল ঘোষণা কৰা নাই । আগৰকাৰ ভাৰতলৈ উভতি আহিছে আৰু তেওঁ ঘূৰি অহাৰ পিচত অহা ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত দলটো ঘোষণা কৰাৰ সম্ভাৱনা আছে । যদি ৰোহিত আৰু কোহলী দুয়োকে প্লেয়িং একাদশত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে দলটোৰ ভাৰসাম্য এক সমস্যা হ'ব পাৰে ।

যদি শীৰ্ষ পাঁচত ৰোহিত, শুভমান গিল, বিৰাট, সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়া থাকে তেনেহ'লে এজনো বাওঁহাতৰ বেটছমেন নাথাকিব । ধৰি লওঁক কোহলীক আঁতৰাই ৩ নম্বৰত গিলক ৰাখিব আৰু যশস্বী জয়ছোৱালক ৰোহিতৰ সৈতে ইনিংছ আৰম্ভ কৰিবলৈ দিব । কিন্তু অজিত আগৰকাৰে এই সাহসী সিদ্ধান্ত ল'ব পাৰিবনে ?

যদি নিৰ্বাচকসকলে ৰোহিত আৰু কোহলী দুয়োকে অন্তৰ্ভুক্ত কৰে, তেন্তে ৰুতুৰাজ গায়কৱাড় আৰু ঈশান কিষাণক বাদ দিব লাগিব । ঈশান এগৰাকী বাওঁহাতৰ উইকেটকীপাৰ বেটছমেন আৰু গায়কৱাড় হৈছে শীৰ্ষ ক্ৰমৰ বেটিং বিকল্প ।

লগতে পঢ়ক :1 জুনৰ পৰা 29 জুনলৈ চলিব টি-২০ বিশ্বকাপ: 9 জুনত ভাৰত-পাকিস্তানৰ মেচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.