ETV Bharat / sports

বিশ্বকাপ 2023: ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ফাইনেলত কোনে কৰিব আম্পায়াৰিং - Richard Kettleborough

আই চি চি বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। এই খেলখন ১৯ নৱেম্বৰত অনুষ্ঠিত হ'ব। এই মেচখনৰ আম্পায়াৰ ঘোষণা কৰিছে আইচিচিয়ে। এই চূড়ান্ত খেলখনত কোনে অন-ফিল্ড আম্পায়াৰ হ’ব আৰু কোনে টিভিৰ আম্পায়াৰ আৰু চতুৰ্থ আম্পায়াৰৰ ভূমিকা পালন কৰিব সেই কথা ঘোষণা কৰা হৈছে।

World Cup 2023
বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেল
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 9:43 PM IST

স্পৰ্টছ ডেস্ক, 17 নৱেম্বৰ : 19 নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আই চি চি ক্ৰিকেট এদিনীয়া বিশ্বকাপ 2023 ৰ চূড়ান্ত খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ৷ ইংলেণ্ডৰ ৰিচাৰ্ড ইলিংৱৰ্থ আৰু ৰিচাৰ্ড কেটলব’ৰ’ক এই বিশ্বকাপ 2023 ৰ অন্তিমখন খেলৰ বাবে অন-ফিল্ড আম্পায়াৰ হিচাপে নিযুক্তি দিয়া হৈছে ৷ এতিয়া এই দুয়োজন আম্পায়াৰে দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত নিজৰ সিদ্ধান্তৰে অনুৰাগীৰ হৃদয় জয় কৰা দেখা যাব ৷

ক্ৰিকেট বিশ্বকাপ 2023 ৰ ফাইনেলত এইসকল হ’ব আম্পায়াৰ-

উল্লেখ্য যে, 2015 চনৰ বিশ্বকাপৰ ফাইনেলতো কেটলব’ৰ’ই আম্পায়াৰ হিচাপে কাম কৰিছে ৷ এতিয়া তেওঁ দ্বিতীয়বাৰ বাবে বিশ্বকাপৰ ফাইনেলত আম্পায়াৰ হ’ব ৷ 2015 চনত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত তেওঁ আম্পায়াৰ কুমাৰ ধৰ্মসেনাৰ সৈতে খেলপথাৰত আম্পায়াৰিং কৰিছিল ৷ ইয়াৰ উপৰিও ইলিংৱৰ্থৰ দ্বিতীয়খন বিশ্বকাপৰ ফাইনেল হ’ব যদিও প্ৰথমবাৰৰ বাবে তেওঁ মেচ অফিচিয়েল হিচাপে উপস্থিত থাকিব ৷ 1992 চনৰ বিশ্বকাপত তেওঁ খেলুৱৈ হিচাপে খেলিছিল ৷

টিভি আৰু চতুৰ্থ আম্পায়াৰৰ ভূমিকা পালন কৰিব এই সকলে-

এই চূড়ান্ত মেচখনৰ বাবে আন আম্পায়াৰ সকল হ’ব তৃতীয় আম্পায়াৰ হিচাপে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ জোৱেল উইলছন, চতুৰ্থ আম্পায়াৰ হিচাপে নিউজীলেণ্ডৰ ক্ৰীছ গাফানী আৰু জিম্বাবুৱেৰ মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্ট ৷ আটাইকেইজনেই ছেমি ফাইনেলৰ আম্পায়াৰ দলৰ অংশ আছিল ৷ এই সপ্তাহৰ ছেমি ফাইনেলৰ সময়ত ইলিংৱৰ্থ আৰু কেটলব’ৰ’ আছিল অন-ফিল্ড আম্পায়াৰ ৷ মুম্বাইত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ছেমি ফাইনেলত ইলিংৱৰ্থ দেখা পোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াত কেটলব’ৰ’ আৰু কলকাতাত দক্ষিণ আফ্ৰিকাৰ ছেমি ফাইনেলত উপস্থিত আছিল ৷ এতিয়া তেওঁক ফাইনেলতো অন-ফিল্ড আম্পায়াৰিং কৰা দেখা যাব ৷

এই মেচত ভাৰতীয় দলটোৱে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ যুঁজ দিব ৷ ৰোহিত শৰ্মাৰ অধিনায়কত্বত 2011 চনৰ সফলতাক পুনৰবাৰ পুনৰাবৃত্তি কৰিব বিচাৰিছে ৷ আনহাতে অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিবলৈ খেলপথাৰত প্ৰৱেশ কৰিব ৷ নকআউট মেচত অষ্ট্ৰেলিয়াৰ দলটো অতি বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীয়ে উপভোগ কৰিব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.