ETV Bharat / sports

আই.পি.এলৰ আজিৰ মেচত বেংগালুৰৰ বিৰুদ্ধে পাঞ্জাৱ

author img

By

Published : Oct 15, 2020, 5:23 PM IST

শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত 31 সংখ্যক মেচত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ (RCB) আৰু কিংছ ইলেভেন পাঞ্জাৱ (KXIP) ৷ বেংগালুৰ দলে পইন্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰাৰ পৰিৱৰ্তে অন্তিম স্থানত আছে পাঞ্জাৱ দল ৷

KXIP aim to break losing streak against RCB
আইপিএলৰ আজিৰ মেচত বেংগালুৰৰ বিৰুদ্ধে পাঞ্জাৱ

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত 31 সংখ্যক মেচত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ (RCB) আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷

সাতখনৰ ছয়খন মেচতে পৰাস্ত হোৱা কে.এল. ৰাহুলৰ নেতৃত্বাধীন পাঞ্জাৱ দলে কেৱল দুই পইন্ট সংগ্ৰহেৰে পইন্ট তালিতাৰ নিম্নতম স্থানত ৰৈছে ৷ দুই দলত আইপিএলৰ এই ছিজনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী অধিনায়ক ৰাহুল (387 ৰাণ) আৰু মায়ংক আগৰৱাল (337 ৰাণ) থকাৰ পাচতো দলটোৱে জয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ বেটিঙত এই দুই খেলুৱৈৰ বাহিৰে অন্য খেলুৱৈসকল অসফল হোৱাৰ দৰেই বলিঙতো মহম্মদ ছামী আৰু ৰবী বিষ্ণৈৰ বাহিৰে অন্য বলাৰসকল অসমৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷

IPL 2020
মহম্মদ ছামী

আনহাতে, বেংগালুৰ দলে 10 পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ দলটোৰ গুৰুত্বপূৰ্ণ খেলুৱৈ এৰন ফিন্স, দেৱদত্ত পাডিক্কল, বিৰাট কোহলী আৰু এবিডি ভিলিয়াৰ্ছে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷

IPL 2020
কিংছ ইলেভেন পাঞ্জাৱ

ইয়াৰোপৰি, বলিঙতো দলৰ বলাৰসকলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ দলটোৰ বলাৰ য়ুজবেন্দ্ৰ চাহাল আৰু ৱাশ্বিংটন সুন্দৰে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷

IPL 2020
কিংছ ইলেভেন পাঞ্জাৱ

স্কোৱাড :

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, পাৰ্থিৱ পেটেল, এৰন ফিন্স, জছ ফিলিপ, ক্ৰিছ মৰিছ, মইন আলি, মহম্মদ ছিৰাজ, শ্বাহবাজ আহমেদ, দেৱদত্ত পাডিক্কল, য়ুজবেন্দ্ৰ চাহাল, নৱদ্বীপ ছাইনী, ডেল ষ্টেইন, পৱন নেগী, ইছুৰু উদানা, শিৱম ডুবে, উমেশ যাদৱ, গুৰকীৰত সিং, ৱাশ্বিংটন সুন্দৰ, পৱন দেশপাণ্ডে, আদাম জাম্পা ৷

কিংছ ইলেভেন পাঞ্জাৱ : লোকেশ ৰাহুলস হৰপ্ৰীত ব্ৰাৰ, ইশান পোৰেল, মন্দীপ সিং, জেমছ নিশাম, তাজিন্দৰ সিং, ক্ৰিছ মৰিছ, কৰুণ নায়াৰ, দিপক হুদা, ৰবী বিষ্ণৈ, অৰ্শদ্বীপ সিং, গ্লেন মেক্সৱেল, মুজীৱ উৰ ৰহমান, ছৰফৰাজ খান, শ্বেলড্ৰন কট্ৰেল, মায়ংক আগৰৱাল, মহম্মদ ছামী, দৰ্শন নালকাণ্ডে, নিকোলাছ পুৰান, ক্ৰিছ গেইল, মুৰুগান অশ্বিন, জগদীশা সুজিথ, কৃষ্মাপ্পা গৌথাম, হৰদাস ভিলজিয়ন, ছিমৰন সিং ৷

লগতে পঢ়ক : IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.