ETV Bharat / sports

ধাৱান অন্য খেলুৱৈৰ তুলনাত অতি সোনকালে অভ্যস্ত হৈ উঠে : শ্ৰেয়াস

author img

By

Published : Oct 21, 2020, 9:21 AM IST

কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে মেচৰ অন্তত শিখৰ ধাৱানক প্ৰশংসা অধিয়ানক শ্ৰেয়াস আয়াৰৰ ৷ যিকোনো পৰিস্থিতিতে ধাৱান অভ্যস্ত হৈ উঠে বুলি মন্তব্য শ্ৰেয়াসৰ ৷

আইপিএল 2020
শ্ৰেয়াস আয়াৰ

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ : দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়াস আয়াৰে কয় যে, অপেনাৰ ধাৱানে যিকোনো পৰিস্থিতিতে অন্য খেলুৱৈৰ তুলনাত অধিক সোনকালে অভ্যস্ত হৈ উঠে ৷ ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে 5 উইকেটত পৰাস্ত হোৱাৰ পাচতে এই মন্তব্য কৰে শ্ৰেয়াস আয়াৰে ৷

আইপিএল 2020
শিখৰ ধাৱান

উল্লেখ্য যে, আইপিএলত ক্ৰমে দুটাকৈ শতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ধাৱান ৷ পাঞ্জাৱৰ বিৰুদ্ধে মেচত ধাৱানে কেৱল 61 টা বলত অপৰাজিতভাৱে 106 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, দলটোৰ অন্যান্য বেটছমেনসকলে 59 বলত সংগ্ৰহ কৰে কেৱল 54 ৰাণ ৷

মেচৰ অন্তত শ্ৰেয়াসে কয়, "মই ভাবো যে, আমি 10 ৰাণ কমকৈ সংগ্ৰহ কৰিলো কিন্তু এই মেচৰ পৰা বহু শিক্ষা লাভ কৰিলো ৷ শিখৰৰ বেটিং আছিল যোগাত্মক ৷"

তেওঁ লগতে কয়, "শিখৰে অধিক সোনকালে উইকেটক বুজি উঠে, পৰিস্থিতিৰ সৈতে অভ্যস্ত হৈ উঠে, প্ৰথমটো বলৰ পৰাই ভাল প্ৰদৰ্শন আগবঢ়ায় আৰু যুৱ খেলুৱৈলৈ বাৰ্তা প্ৰেৰণ কৰে ৷ অন্যৰ তুলনাত অধিক সোনকালে পৰিস্থিতিৰ সৈতে অভ্যস্ত হৈ পৰে তেওঁ ৷"

পৰাস্ত হ'লেও দিল্লী দলে পইন্ট তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে ৷ আনহাতে, দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷

শ্ৰেয়াসে লগতে কয়, "এইটো যোগাত্মক দিশ যে, দলৰ খেলুৱৈসকল পৰৱৰ্তী মেচৰ বাবে সাজু হ'ব ৷ আমি আজি ভাল প্ৰদৰ্শন নকৰিলো কিন্তু পৰৱৰ্তী মেচত নিশ্চয়কৈ কৰিম ৷"

লগতে পঢ়ক : IPL 13: প্ৰথম তিনিটা স্থান দখল কৰা দল আৰু খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.