ETV Bharat / sports

মুম্বাইৰ বিৰুদ্ধে কোন ? নিশ্চিত হ'ব আজি.. - Delhi Capitlas

আই পি এলৰ দ্বাদশ সংস্কৰণৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি মুখামুখি হ'ব দিল্লী কেপিটেলছ আৰু চেন্নাই চুপাৰ কিংছ । ফাইনেলত স্থান লাভ কৰাৰ উদ্দেশ্যে দুয়োটা দলৰ বাবে এই মেচখন অধিক গুৰুত্বপূৰ্ণ ।

দিল্লী কেপিটেলছ বনাম চেন্নাই চুপাৰ কিংছ
author img

By

Published : May 10, 2019, 9:39 AM IST

স্পৰ্টছ ডেস্ক, ১০মে': বিশাখাপট্টনমত আজি আই পি এলৰ ফাইনেলত স্থান সুনিশ্চিত কৰাৰ উদ্দেশ্যে সন্ধিয়া ৭.৩০ বজাত ধোনী নেতৃত্বাধীন ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে মুখামুখি হ'ব প্ৰশিক্ষক ৰূপে থকা ৰিকি পণ্টিঙৰ তত্বাৱধানত দ্বাদশ সংস্কৰণত নতুন নামেৰে ভুমুকি মৰা দিল্লী কেপিটেলছ । দুয়োটা দলে ইতিমধ্যে আই পি এলৰ ইতিহাসত ১৯ বাৰৰ বাবে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে ।

etv bharat
মুম্বাইৰ বিৰুদ্ধে কোন ? নিশ্চিত হ'ব আজি..

য'ত চেন্নাই চুপাৰ কিংছে ১৩ বাৰৰ বাবে জয় লাভ কৰাৰ বিপৰীতে ৬ খন মেচত হে জয়ৰ সোৱাদ লাভ কৰিছে দিল্লী কেপিটেলছে । চেন্নাই চুপাৰ কিংছ দলটোত মুখ্য খেলুৱৈ হিচাপে আছে ফেপ ডুপ্লেছিছ, শ্বেন ৱাটছন, সুৰেশ ৰাইনা, ধোনী, হৰভজন সিং, ইমৰান তাহিৰ । আনহাতে দিল্লী দলটোৰ মুখ্য খেলুৱৈত আছে পৃথ্বী শ্ব', শিখৰ ধাৱন, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, ট্ৰেণ্ট বল্ট । গতিকে আজিৰ মেচখন দুয়োটা দলৰ বাবে হ'ব অগ্নিপৰীক্ষা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.