নিউজ ডেস্ক, 31 মাৰ্চ: পশ্চিমবংগৰ যুৱ লেগ স্পীনাৰ প্ৰয়াস ৰয় বৰ্মন এইবাৰৰ আইপিএলত আত্মপ্ৰকাশ ঘটোৱা সবাতোকৈ কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ মাত্ৰ 16 বছৰ বয়সীয়া প্ৰয়াসে দেওবাৰৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন মেচত অংশগ্ৰহণকৰে ৷ প্ৰয়াস পশ্চিমবংগ দলৰ হৈ লেগ ব্ৰেক গুগলী বলিং কৰাৰ লগতে সুন্দৰ বেটিঙৰ বাবেও পৰিচিত ৷
উল্লেখ্য যে, আইপিএলৰ ইতিহাসত প্ৰয়াসৰ পূৰ্বে সবাতোকৈ কম বয়সত আত্মপ্ৰকাশ ঘটোৱা খেলুৱৈ হিচাপে অভিলেখ গঢ়িছিল আফগানিস্তানৰ স্পীনাৰ মুজিবুৰ ৰহমানে ৷ 17 বছৰ বয়সত মুজিবে আইপিএলত পদাৰ্পন কৰাৰ বিপৰীতে তৃতীয় স্থানত আছে ছৰফৰাজ খান ৷