ETV Bharat / sports

ৰাজস্থানৰ বিৰুদ্ধে 8 উইকেটত বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ - আই পি এল

গৃহভূমিত পৰাস্ত আজ্যিংকা ৰাহানে নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ৷ কলকাতাৰ বিৰুদ্ধে 8 উইকেটত পৰাস্ত দলটো ৷

8 উইকেটত বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ
author img

By

Published : Apr 7, 2019, 11:34 PM IST

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : আই পি এলৰ দেওবাৰৰ দ্বিতীয়খন মেচত পৰাস্ত ৰাজস্থান ৰয়েলছ ৷ 140 ৰানৰ লক্ষ্য অতিক্ৰম কৰি আঠ উইকেটত জয় লাভ কলকাতাৰ ৷ আই পি এলৰ দ্বাদশ সংস্কৰণত ৰাজস্থান ৰয়েলছৰ এইটো আছিল চতুৰ্থটো পৰাজয় ৷ ইয়াৰ বিপৰীতে কলকাতাৰ এইটো আছিল চতুৰ্থটো জয় ৷ এই জয়ৰে আই পি এলৰ পইণ্টছ তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে দিনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে ৷

উল্লেখ্য যে, মেচখনত ৰাজস্থানে প্ৰথমে বেটিং কৰি 3 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 139 ৰান ৷ ৰাজস্থানৰ হৈ সৰ্বাধিক অপৰাজিত 73 ৰান কৰিছিল ষ্টেভেন স্মিথে ৷ কলকাতাৰ হৈ হেৰী গাৰ্নীয়ে 4 অভাৰত 25 দি সৰ্বাধিক 2 টা উইকেট দখল কৰিছিল ৷ ৰাজস্থানৰ 140 ৰানৰ এই লক্ষ্য নাইট ৰাইডাৰ্ছে কেৱল 13.5 অভাৰতে 2 টা উইকেট হেৰুৱায়ে অতিক্ৰম কৰে ৷ নাইট ৰাইডাৰ্ছৰ হৈ ক্ৰীছ লিনে 32 বলত 50, সুনীল নাৰায়ণে 25 বলত 47 ৰানৰ বিস্ফোৰক ইনিংছ খেলে ৷ হেৰী গাৰ্নীক দিয়া হয় মেন অফ দ্য মেচৰ খিতাপ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.