নিউজ ডেস্ক, 14 এপ্ৰিল: কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত দেওবাৰৰ আইপিএল মেচত ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ দলে সহজ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ চেন্নাইৰ হৈ সৰ্বোচ্চ ৰাণ সংগ্ৰহ কৰে বিস্ফোৰক বেটছমেন সুৰেশ ৰাইনাই ৷ টছত জিকি বলিং কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা চেন্নাই দলে কলকাতা দলক 161 ৰাণত বান্ধি ৰাখিবলৈ সক্ষম হয় ৷
কলকাতাৰ হৈ সৰ্বাধিক 82 ৰাণৰ সুন্দৰ ইনিংছ খেলে ক্ৰিছ লিনে ৷ 2 টা বল বাকী থকা অৱস্থাতে চেন্নাই দলে সহজ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷