ETV Bharat / sports

প্ৰথম এদিনীয়াত ইংলেণ্ডৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ ভাৰতীয় মহিলা দলৰ - First Women ODI

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতীয় দলটোৱে সাত উইকেটত বিজয় সাব্যস্ত কৰে (indian women team beat england) । দেওবাৰে হোৱেত অনুষ্ঠিত প্ৰথমখন মেচত জয়লাভেৰে তিনিখনীয়া এদিনায়ী শৃংখলাত ভাৰতে ১-০ ৰ অগ্ৰগতি লাভ কৰে (First Women ODI) ।

India
India
author img

By

Published : Sep 19, 2022, 1:57 PM IST

স্পৰ্টছ ডেস্ক, ১৯ ছেপ্টেম্বৰ : ইংলেণ্ডৰ বিৰুদ্ধে বেটে-বলে উজলিল ভাৰতীয় মহিলা ক্ৰিকেট দল (Indian Women Cricket Team) । ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত সাত উইকেটত বিজয় সাব্যস্ত কৰে । দেওবাৰে হোৱেত অনুষ্ঠিত প্ৰথমখন মেচত জয়লাভেৰে তিনিখনীয়া এদিনায়ী শৃংখলাত ভাৰতে ১-০ ৰ অগ্ৰগতি লাভ কৰে (First Women ODI) ।

প্ৰথমতে বলিঙৰ সিদ্ধান্ত লৈ ভাৰতে ইংলেণ্ডৰ ইনিংছ সাত উইকেটৰ বিনিময়ত ২২৭ ৰাণতে সীমাবদ্ধ ৰাখে । ইয়াৰ পিছত জয়ৰ বাবে প্ৰয়োজনীয় ২২৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৪৪.২ অ'ভাৰত ৩টা উইকেট হেৰুৱাই অতি সহজতে বিজয় সাব্যস্ত কৰে (Indian women team beat England) ।

ভাৰতৰ জয়ৰ অন্যতম নায়িকা উপ-অধিনায়ক স্মৃতি মান্ধানাই গ্ৰাউণ্ডৰ কেউফালে কোবাই একপ্ৰকাৰ দিশহাৰা কৰি দিয়ে ইংলেণ্ডক । তেওঁৰ বেটৰ পৰা আহে ৯৯ টা বলত ষ্ট্ৰোকভৰ্তি ৯১ ৰাণ । তেওঁৰ ইনিংছটো ১০ টা চাৰি আৰু এটা ছয়েৰে সজায় । ভাৰতীয় বেটিং বিভাগৰ নেতৃত্ব লৈ তেওঁ দলৰ জয়ৰ ভেটি গঢ়ে । আনহাতে, উইকেট-ৰক্ষক বেটাৰ যশীকা ভাটিয়াই ৪৭ টা বলত ৫০ ৰাণ সংগ্ৰহ কৰে ।

তেওঁৰ বেটৰ পৰা আহে ৪ টা চাৰি আৰু এটা ছয় । আনহাতে, অধিনায়ক হৰমনপ্ৰীত কৌৰে ৯৪ বলত কৰা অপৰাজিত ৭৪ ৰাণৰ ইনিংছটো ৭ টা চাৰি আৰু এটা ছয়েৰে সজায় । ইংলেণ্ডৰ সফল বলাৰগৰাকী আছিল কেট ক্ৰছ । তেওঁ ৪৩ ৰাণৰ বিনিময়ত দুটা উইকেট দখল কৰে ।

উল্লেখ্য, প্ৰথমে বলিং কৰি ভাৰতীয় দলৰ সকলোতকৈ অভিজ্ঞতা সম্পন্ন বলাৰ ঝুলন গোস্বামীয়ে ১০ অ'ভাৰত মাত্ৰ ২০ ৰাণৰ বিনিময়ত এটা উইকেট দখল কৰে । তেওঁৰ নিজৰ স্পেলত ৪২ টা ডট বল নিক্ষেপ কৰে । দীপ্তি শৰ্মাই তেওঁক উপযুক্ত সহযোগিতা আগবঢ়াই ৩৩ ৰাণৰ বিনিময়ত দুটা উইকেট হস্তগত কৰে । অৱশ্যে ইংলেণ্ডৰ ইনিংছ এটা সময়ত ৩৪ অ'ভাৰত ছয় উইকেটৰ বিনিময়ত ১২৮ ৰাণৰ পৰা ৮ নম্বৰ আৰু ৯ নম্বৰ ক্ৰমত বেটিং কৰিবলৈ অহা খেলুৱৈ দুগৰাকীয়ে ১০০ ৰাণতকৈও অধিক ৰাণ সংগ্ৰহ কৰি দলক এক সন্মানজনক অৱস্থাত উপনীত কৰায় ।

সংক্ষিপ্ত স্ক'ৰ : ইংলেণ্ড মহিলা দল : ৫০ অ'ভাৰত ৭ উইকেটত ২২৭ (এলিচ ডেভিডচন-ৰিচাৰ্ডছ ৫০, ডেনি ৱাইট ৪৩; দীপ্তি শৰ্মা ২/৩৩)। ভাৰতীয় মহিলা দল : ৪৪.২ অ'ভাৰত ৩ উইকেটত ২৩২ ৰাণ (স্মৃতি মান্ধানা ৯১, হৰমনপ্ৰীত কৌৰ ৭৪ অপৰাজিত, যশীকা ভাটিয়া ৫০; কেট ক্ৰছ 2/43)।

লগতে পঢ়ক :World Wrestling Championships: বজৰং পুনিয়াৰ ব্ৰঞ্জ পদক জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.