ETV Bharat / sports

ICC Womens T20 World Cup : মহিলা টি-20 বিশ্বকাপৰ গ্ৰুপ মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ - India Beat Pakistan in Women T20 WC

মহিলা টি-20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে 7 উইকেটৰ বিনিময়ত জয়লাভ ভাৰতৰ ৷ প্ৰথমে বেটিং কৰি পাকিস্তানৰ মহিলা দলটোৱে 150 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক ৷ 19 অভাৰত তিনিটা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ভাৰতীয় মহিলা দলটোৱে (Indian women cricket team beat Pakistan)৷

ICC Womens T20 World Cup
ICC Womens T20 World Cup
author img

By

Published : Feb 12, 2023, 10:30 PM IST

Updated : Feb 13, 2023, 7:35 PM IST

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: মহিলা টি-20 বিশ্বকাপৰ (ICC women T20 WC) গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ নিউজিলেণ্ডৰ কেপটাউন ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত 7 উইকেটত চুবুৰীয়া দেশ পাকিস্তানক পৰাস্ত কৰে ভাৰতে ৷ ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল 150 ৰাণৰ (Indian women cricket team beat Pakistan) ৷

আজিৰ খেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় পাকিস্তানৰ দলটোৱে ৷ নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই দলটোৱে সংগ্ৰহ কৰে 149 ৰাণ ৷ পাকিস্তানৰ হৈ অধিনায়ক বিছমাহ মাৰুফে 68 ৰাণ কৰি অপৰাজতি হৈ থাকে ৷ লগতে আয়েশা নাছীমেও 43 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ভাৰতৰ হৈ ৰাধা যাদৱে 2 টা আৰু দিপ্তী শৰ্মা, পূজা ৱাষ্টাকাৰে 1 টাকৈ ইউকেট লাভ কৰে (India Vs Pakistan cricket match) ৷

150 ৰাণৰ লক্ষ্য আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰা ভাৰতীয় দলটোৱে 19 অভাৰত 3 টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে ৷ ভাৰতৰ হৈ জেমিমা ৰ’ড্ৰিগছে 53 ৰাণ আৰু ৰিচা ঘোষে 31 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ শেফালী বাৰ্মাই 33 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ পাকিস্তানৰ নাশৰা সন্ধুৱে 2 টা আৰু ছাদিবা ইকবালে এটা উইকেট লাভ কৰে ৷ অহা 15 ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ভাৰতীয় মহিলা ক্ৰিকেট দলটো (India Beat Pakistan in Women T20 WC) ৷

উল্লেখ্য যে, মহিলা টি-20 বিশ্বকাপৰ গ্ৰুপ B ত থকা পাঁচটা দল হৈছে ক্ৰমে ইংলেণ্ড, ভাৰত, পাকিস্তান, আয়াৰলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ৷ এতিয়ালৈকে ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি 2 পইন্ট আৰু ভাৰতে পাকিস্তানক পৰাস্ত কৰি 2 পইন্ট অৰ্জন কৰিছে ৷

ইফালে গ্ৰুপ A ত আছে অষ্ট্ৰেলিয়া, শ্ৰীলংকা, বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড ৷ গ্ৰুপ A ত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাই একোখন কৈ মেচত বিজয়ী হৈ 2 পইন্টকৈ অৰ্জন কৰিছে ৷ বৰ্তমানলৈকে মুঠ চাৰিখন খেল অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক: ICC Womens T20 World Cup 2023 : খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ

Last Updated : Feb 13, 2023, 7:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.