ETV Bharat / sports

কৃতিত্বৰ অধিকাৰী ভাৰতীয় দল : টিম পেইন - পেইনৰ

কেঙ্গাৰু বাহিনীৰ অধিনায়ক টিম পেইনৰ মন্তব্য়, অষ্ট্ৰেলিয়াৰ দূৰ্বল প্ৰদৰ্শনে আলহী দল ভাৰতক সহায় কৰিছে । প্ৰথম টেষ্টত শোচনীয় পৰাজয়ৰ পিছতে নিৰাশ কেঙ্গাৰু বাহিনীৰ অধিনায়ক টিম পেইন ।

কৃতিত্বৰ অধিকাৰী ভাৰতীয় দল : টিম পেইন
কৃতিত্বৰ অধিকাৰী ভাৰতীয় দল : টিম পেইন
author img

By

Published : Dec 29, 2020, 3:45 PM IST

স্পৰ্টছ ডেস্ক , ২৯ ডিচেম্বৰ : অষ্ট্ৰেলিয়াত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্টত বৃহৎ জয় ভাৰতীয় দলৰ । শোচনীয় পৰাজয়ৰ পিছতে নিৰাশ কেঙ্গাৰু বাহিনীৰ অধিনায়ক টিম পেইন । অষ্ট্ৰেলিয়ান দলটোৰ অধিনায়ক টিম পেইনে খেলৰ অন্তত কৰা মন্তব্য় অনুসৰি দলটোৰ দূৰ্বল প্ৰদৰ্শনে আলহী দল ভাৰতক সহায় কৰিছে আৰু এই টেষ্ট শৃংখলাত সমতা স্থাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় দল । তেওঁৰ মতে খেলখনৰ গুৰুত্বপূৰ্ণ সময়তে দলটোৱে অতি দূৰ্বল প্ৰদৰ্শন কৰিছে, যাৰ বাবে এই পৰাজয়ৰ সন্মুখীন হৈছে দলটো ।

ভাৰতীয় দলটোক কৃতিত্ব প্ৰদান কৰি তেওঁ কয় ভাৰতীয় দলটোৱে বেটিং, বলিঙ আৰু ফিল্ডিঙৰ সময়ত অষ্ট্ৰেলিয়ান দলটোক কিছুমান ভুল কৰিবলৈ বাধ্য় কৰাইছিল । যেতিয়া এটা শক্তিশালী দলৰ বিৰুদ্ধে এই ভুল কৰা যায় তেতিয়া এনে ফলাফল গ্ৰহণ যোগ্য় বুলিও মন্তব্য় কৰে অধিনায়ক গৰাকীয়ে । ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়ান দলটোক চাপত ৰখাৰ বাবে পেইনে প্ৰশংসা কৰে ভাৰতীয় দলটোক । কোনো এটা ইনিংছতে বেটিঙৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰাত তেওঁ কয় যে বেটিঙৰ ক্ষেত্ৰত আৰু কিছু কৰণীয় আছে অষ্ট্ৰেলিয়ান বেটিঙ অৰ্ডাৰৰ বাবে । অৱশ্য়ে তাৰ মাজতে দলৰ অন্য়তম খেলুৱৈ গ্ৰীম কেমৰণৰ প্ৰদৰ্শনকলৈ প্ৰশংসা কৰিলে পেইনে ।

আগন্তুক দ্বিতীয় টেষ্টৰ বাবে মন্তব্য় কৰি টিম পেইন কয় যে দুই এজন খেলুৱৈ বিগ বেছ লীগৰ বাবে যাব, যাৰ বাবে কেইবাজনো যুৱ খেলুৱৈ ভাগ লব নোৱাৰিব টেষ্টত ।

আনফালে, প্ৰথমখন টেষ্টত শোচনীয় পৰাজয়ৰ পিছতে মেলবৰ্নত হ'ব লগা দ্বিতীয় টেষ্ট জিকিবলৈ অষ্ট্ৰেলিয়াই সকলো ফালে চেষ্টা চলাব বুলি আশা কৰা হৈছে; কিন্তু অতি সহজে যে হাৰ নামানে সেয়া প্ৰথমখন টেষ্টত জয় হৈ প্ৰমাণ কৰিছে আজিংকা ৰাহানে নেতৃত্বৰ ভাৰতীয় দলটোৱে ।

লগতে পঢ়ক :ৰাহানেৰ ইনিংছটো মেচৰ টাৰ্নিং পইন্ট : শাস্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.