ETV Bharat / sports

ICC World Cup 2023: ভাৰতৰ হাতত 100 ৰাণত ধাৰাশায়ী ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 3:17 PM IST

Updated : Oct 29, 2023, 9:48 PM IST

লক্ষ্ণৌত বিশ্বকাপ ২০২৩ৰ লীগ মেচখনত ভাৰতে ইংলেণ্ডক 100 ৰাণত পৰাস্ত কৰে ৷ অধিনায়ক ৰোহিত শৰ্মা মেন অব দ্য মেচ হিচাবে বিবেচিত হয় ৷

ICC World Cup 2023
লক্ষ্ণৌত ভাৰতৰ মুখামুখি ইংলেণ্ড

স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ : লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা মেচখনত ভাৰতে ইংলেণ্ডক 100 ৰাণত পৰাস্ত কৰে ৷ 230 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 34.5 অভাৰতে আটাইকেইটা হেৰুৱাই সংগ্ৰহ কৰে 129 ৰাণ ৷

মেচখনত ভাৰতৰ বিজয়ত বলাৰে মুখ্য ভূমিকা গ্ৰহণ কৰে ৷ ভাৰতীয় বলাৰে তীক্ষ্ণ বলিঙৰ সহায়ত ইংলেণ্ডৰ অসহায় হৈ পৰে ইংলেণ্ডৰ বেটছমেন ৷ ভাৰতীয় বলাৰে শক্তিশালী বলিঙেৰে পেভিলিয়নৰ বাট দেখুৱাই ইংলেণ্ডৰ বেটছমেনক ৷

ইংলেণ্ডৰ হৈ লিয়াম লিভিংষ্টোনে সাৰ্বাধিক 27 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ বাকী বেটছমেন সকল 20ৰ ঘৰো স্পৰ্শ কৰিবলৈ সক্ষম ন’হল ৷

ভাৰতৰ হৈ মহম্মদ ছামীয়ে সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ যশপ্ৰীত বুমৰাহে দখল কৰে 3 টাকৈ উইকেট ৷ কুলদীপ যাদৱে 2টা আৰু ৰবীন্দ্ৰ জাডেজাই 1টা উইকেট দখল কৰে ৷ অধিনায়ক ৰোহিত শৰ্মা মেন অব দ্য মেচ বিবেচিত হয় ৷

ইংলেণ্ডৰ অধিনায়ক জ’ছ বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙ কৰি ভাৰতে 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 229 ৰাণ ৷

নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতীয় দলটো বেটিঙ বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত এক সন্মানজনক স্থিতিত উপনীত হয় দলটো ৷ মাত্ৰ 13 ৰাণৰ বাবে শতক বঞ্চিত হয় অধিনায়ক ৰোহিত শৰ্মা ৷ 101 টা বলত 87 ৰাণৰ এক অধিনায়কোচিত দৰ্শনীয় ইনিংছ খেলা হিটমেনে আৰু আদিল ৰছিদৰ বলত পেভিলিয়নমুখী হয় ৷

উল্লেখ্য যে আজিৰ খেলত টপ অৰ্ডাৰৰ তিনিজনকৈ বেটছমেন ৰাণ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হয় ৷ শুভমন গিলৰ ৰূপত প্ৰথমটো উইকেটৰ পতনৰ পাছত শলঠেকত পৰে ভাৰত ৷ ইয়াৰ পাছতে বিৰাট কোহলীৰ ৰূপত দ্বিতীয়টো উইকেটৰ পতনে ভাৰতীয় দলত মোক্ষম আঘাত হানে ৷ ডেভিদ উইলিৰ বলত কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হয় কোহলী ৷ ইয়াৰ পাছতে 16 টা বলত মাত্ৰ 4 ৰাণ কৰি পেভিলিয়নমুখী হয় শ্ৰেয়াছ আয়াৰ ৷

ইংলেণ্ডৰ হৈ ডেভিদ উইলিয়ে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ক্ৰীছ ৱ’কেছ আৰু আদিল ৰছিদে দখল কৰে 2 টাকৈ উইকেট ৷ মাৰ্ক উডে দখল কৰে 1 টা উইকেট ৷

এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰথমে বেটিং কৰা দেখা গ’ল টিম ইণ্ডিয়াক ৷ এতিয়ালৈকে খেলা 5 খন মেচতে ভাৰতে বিজয় লক্ষ্য অনুসৰণ কৰি জয়ী হৈছে ৷ শক্তিশালী বেটিং লাইন আপ থকা ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমে বেটিং কৰি স্ক’ৰ ব’ৰ্ডত আজি বিশাল ৰাণ সংগ্ৰহত ব্যৰ্থ হোৱা পৰিলক্ষিত হ’ল যদিও শক্তিশালী বলিঙেৰে মেচখনত ভাৰতে জয়লাভ কৰে ৷

প্ৰথমে বেটিং কৰিব বিচাৰিছিল-

দেওবাৰে ভাৰতৰ 100 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচত অধিনায়কত্ব কৰা ৰোহিত শৰ্মাই টছৰ পিছত কয়, ‘আমি প্ৰথমে বেটিং কৰিব বিচাৰিছিলো, পিছত বেটিং কৰি আমি ভাল প্ৰদৰ্শন কৰিছো ৷ এখন ভাল পিটচ যেন লাগে ৷ আমি আমাৰ বিজয়ী অভিযান অব্যাহত ৰাখিব বিচাৰো ৷ আমি যিটো মূল একাদশত শেষৰখন খেল খেলিছিলো, সেই দলটোৱেই আছে ৷"

আৰ অশ্বিনে সুযোগ নাপালে-

ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ভাৰতীয় দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে পূৰ্বৰ খেলখনৰ একেটা মূল একাদশ লৈ খেলপথাৰত প্ৰৱেশ কৰিছে ৷ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ পিছত ভাৰতে শেষৰখন খেলত সূৰ্যকুমাৰ যাদৱক, বেগী বলাৰ মহম্মদ ছামীক মূল একাদশত অন্তৰ্ভুক্ত কৰে ৷ আজি লক্ষ্ণৌৰ স্পীন ফ্ৰেণ্ডলী পিটচলৈ চাই জল্পনা-কল্পনা কৰা হৈছিল যে অশ্বিনে প্লেইং-১১ত স্থান পাব ৷ কিন্তু সেয়া ন’হল ৷

ভাৰতৰ মূল একাদশ-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ৷

ইংলেণ্ডৰ মূল একাদশ-

জনী বেয়াৰষ্ট’, ডাৱিদ মালান, জ’ ৰুট, বেন ষ্ট’কছ, জ’ছ বাটলাৰ (উইকেটকীপাৰ/অধিনায়ক), লিয়াম লিভিংষ্টন, ম’ইন আলী, ক্ৰীছ ৱ’কেছ, ডেভিদ উইলি, আদিল ৰছিদ, মাৰ্ক উড ৷

লগতে পঢ়ক : ICC World Cup 2023 : চলিত বিশ্বকাপত কোন কোন খেলুৱৈ আছে চৰ্চাত ?

Last Updated : Oct 29, 2023, 9:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.