ETV Bharat / sports

Virat Kohli's 100th Test: ১০০ খন টেষ্ট খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত বিৰাট কোহলী

author img

By

Published : Mar 4, 2022, 12:31 PM IST

Updated : Mar 4, 2022, 1:35 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আন এক কৃতিত্ব । দেশৰ হৈ ১০০ খন টেষ্ট খেলা ভাৰতীয় খেলুৱৈসকলৰ তালিকাত অন্তৰ্ভুক্ত হ'ল কোহলীৰ নাম (Virat Kohli plays 100 Tests for the country)। বি চি চি আইৰ তৰফৰ পৰা সম্বৰ্ধনা কোহলীক ।

100th Test
১০০ খন টেষ্ট খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত বিৰাট কোহলী

স্পৰ্টছ ডেস্ক, ৪ মাৰ্চ : দেশৰ হৈ ১০০ খন টেষ্ট খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল বিৰাট কোহলীৰ(Virat Kohli plays 100 Tests for the country)। এই বিশেষ মুহূৰ্তত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক বি চি চি আইয়ে সম্বৰ্ধনা জনায় । ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হোৱা প্ৰথমখন টেষ্টৰ পূৰ্বে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিৰাটক সম্বৰ্ধনা জ্ঞাপন কৰে । ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত বিৰাটক এটা টুপী আৰু স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

ইফালে বিৰাট সৈতে অনুষ্ঠানত উপস্থিত থাকে পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাতৃ বিকাশ কোহলী । বি চি চি আইৰ (BCCI) অধ্যক্ষ সৌৰভ গাংগুলী, সচিব জয় শ্বাহ, কোষাধ্যক্ষ অৰুণ ধুমল আৰু উপাধ্যক্ষ ৰাজীৱ শুক্লাও এই সম্বৰ্ধনাৰ অনুষ্ঠানত উপস্থিত থাকে । সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলীক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতে আৰু অধিক খেল খেলাৰ বাবে তেওঁক উৎসাহিত কৰে ।

ইফালে দেশৰ হৈ ১০০ খন টেষ্ট খেলা বিৰাট কোহলী হৈছে ১২ নম্বৰ ভাৰতীয় ক্ৰিকেটাৰ । ইয়াৰ পূৰ্বে এই কৃতিত্ব লাভ কৰিছে সুনীল গাভাস্কাৰ, দিলীপ ভেংচৰকাৰ, কপিল দেৱ, শচীন তেণ্ডুলকাৰ, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী, ভি ভি এছ লক্ষ্মণ, বীৰেন্দ্ৰ সেহৱাগ, হৰভজন সিং আৰু ঈশান্ত শৰ্মা ।

ক্ৰিকেট ইতিহাসত এনেদৰে দেশৰ হৈ ১০০ খন টেষ্ট খেলাৰ সৌভাগ্য হোৱাত বিৰাট কোহলী যথেষ্ট আনন্দিত । তেওঁৰ মতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা তেওঁৰ পত্নী আৰু ভাতৃকে ধৰি সকলো আজি তেওঁকলৈ গৌৰৱান্বিত । তেওঁৰ বাবে এইটো এটা বিশেষ মুহূৰ্ত । ক্ৰিকেট যিহেতু দলীয় খেল সেয়ে বাকীসকলৰ সহযোগিতা অবিহনে এয়া সম্ভৱ হ'ব নোৱাৰিলেহেঁতেন বুলিও তেওঁ উল্লেখ কৰে ।

বি চি চি আইকো ধন্যবাদ জ্ঞাপন কৰে বিৰাট কোহলীয়ে । ইফালে তিনিওটা ফৰ্মেটত বিশ্ব ক্ৰিকেটত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলী । কিন্তু টেষ্ট ফৰ্মেটত ১০০ খন খেল খেলাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

সেয়ে এই বিশেষ মুহূৰ্তত বিৰাট কোহলীয়ে নৱ প্ৰজন্মক লক্ষ্য কৰি কয় যে পৰৱৰ্তী প্ৰজন্মই তেওঁৰ পৰা এটা কথা শিকিব পাৰে । সেয়া হৈছে তেওঁ টেষ্ট ফৰ্মেটত দেশৰ হৈ ১০০ খন খেলিছে । তেওঁ আশা কৰা মতে তিনিওটা ফৰ্মেট লগতে আই পি এল (IPL) খেলিলেও পৰৱৰ্তী প্ৰজন্মই এই কৃতিত্ব অৰ্জন কৰিব পাৰিব ।

লগতে পঢ়ক :On this day in 2010 : তেণ্ডুলকাৰ হৈছিল এদিনীয়াত দ্বি-শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেন

Last Updated : Mar 4, 2022, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.