ETV Bharat / sports

Cricket World Cup 2023: আফগানিস্তানৰ হাতত বিধ্বস্ত ইংলেণ্ড; 69 ৰাণত বিজয়ী আফগানিস্তান

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 3:35 PM IST

Updated : Oct 15, 2023, 9:55 PM IST

দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ক্ৰিকেট বিশ্বকাপৰ 13 সংখ্যক মেচখনত আফগানিস্তানে ইংলেণ্ডক 69 ৰাণত পৰাস্ত কৰে ৷ ইংলেণ্ডৰ সন্মুখত 285 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল আফগানিস্তানে ৷

Cricket World Cup 2023
ইংলেণ্ডৰ মুখামুখি আফগানিস্তান

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : চলিত বিশ্বকাপৰ ত্ৰয়োদশ সংখ্যক খেলখনত দেওবাৰে অনুষ্ঠিত হোৱা মেটখনত ইংলেণ্ডৰ বিৰুদ্ধে 69 ৰাণত বিজয় সাব্যস্ত কৰিছে আফগানিস্তানে ৷ দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ মেচখন ৷

285 ৰাণৰ বিজয় লক্ষ্য আগত লৈ 40.3 অভাৰতে 215 ৰাণ সংগ্ৰহ কৰি ইনিংছ সামৰে ইংলেণ্ডে ৷ আফগানিস্তানৰ নিয়ন্ত্ৰিত বলিঙে 215 ৰাণতে স্তব্ধ কৰে ইংলেণ্ডক ৷ ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে সাৰ্বাধিক 66 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ ডেভিদ মালানে 32 ৰাণৰ বৰঙণি যোগায় ৷ বিপৰীতে দলটোৰ আনকেইজন বেটছমেন অধিক সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰি পেভিলিয়নমুখী হয় ৷

আফগানিস্তানৰ হৈ ৰছিদ খান আৰু মুজীব উৰ ৰহমানে সাৰ্বাধিক 3 টাকৈ উইকেট দখল কৰে ৷ মহম্মদ নবীয়ে দখল কৰে 2 টা উইকেট ৷ আনহাতে ফজলহাক ফাৰুকী আৰু নবীন-উল-হকে দখল কৰে 1টাকৈ উইকেট ৷

টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ইংলেণ্ডে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি শক্তিশালী ইনিংছৰ আৰম্ভণি কৰি আফগানিস্তানে ইংলেণ্ডক বিজয়ৰ বাবে বান্ধি দিয়ে 285 ৰাণৰ লক্ষ্য ৷ অপেনাৰ ৰহমানউল্লাহ গুৰবাজে 57 টা বলত 80 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ ইব্ৰাহীম জাদ্ৰানে 48 টা বলত সংগ্ৰহ কৰে 28 ৰাণ ৷

ইক্ৰাম আলিখিলে 66টা বলত সংগ্ৰহ কৰে 58 ৰাণ ৷ বিপৰীতে মুজীব উৰ ৰহমানে 16 টা বলত 28 ৰাণ সংগ্ৰহ কৰে ৷ ৰছিদ খানে 22 টা বলত 23 ৰাণ সংগ্ৰহ কৰি আদিল ৰছিদৰ বলত পেভিলিয়নমুখী হয় ৷

ইংলেণ্ডৰ হৈ আদিল ৰছিদে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ মাৰ্ক উডে 2 টা উইকেট দখল কৰাৰ বিপৰীতে লিয়াম লিভিংষ্টন, জো’ ৰুট আৰু ৰিচ টপলিয়ে দখল কৰে 1টাকৈ উইকেট ৷

দেওবাৰৰ মেচখনৰ বাবে ইংলেণ্ডৰ প্লেয়িং একাদশ জনী বেয়াৰষ্ট’, ডেভিদ মালান, জো’ ৰুট, হেৰী ব্ৰুক, জ’ছ বাটলাৰ (অধিনায়ক আৰু উইকেটকীপাৰ), লিয়াম লিভিংষ্টন, ছেম কাৰেন, ক্ৰীছ ৱুকছ, আদিল ৰছিদ, মাৰ্ক উড, ৰিচ টপলি ৷
আফগানিস্তানৰ মূল একাদশ- ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ), ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), মহম্মদ নবী, ইক্ৰাম আলিখিল, আজমাতুল্লাহ ওমৰাজা, ৰছিদ খান, মুজীব উৰ ৰহমান, নবীন-উল-হক, ফজলহাক ফাৰুকী ৷

ইফালে শনিবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখনত ভাৰতে পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে ৷

লগতে পঢ়ক : India vs Pak Match: একেৰাহে তৃতীয়খন মেচত জয় ৰোহিত বাহিনীৰ

Last Updated : Oct 15, 2023, 9:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.