ETV Bharat / sports

Cricket World Cup 2023 : শ্ৰীলংকাক হৰুৱাই অভিলেখ ৰচিলে পাকিস্তানে

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:38 PM IST

Updated : Oct 10, 2023, 11:03 PM IST

হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয় পাকিস্তানৰ । টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা শ্ৰীলংকাই নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৩৪৪ ৰাণ সংগ্ৰহ কৰে । ৪ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰিলে পাকিস্তানে ৷

Cricket World Cup 2023
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ১০ অক্টোবৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ অষ্টমখন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৪৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৪ উইকেট হেৰুৱাই পাকিস্তানে বিজয় সাব্যস্ত কৰিলে ৷ উত্তেজনাপূৰ্ণ খেলখনত আব্দুল্লা শ্বাফিক আৰু মহম্মদ ৰিজৱানে দলক বিজয়ৰ সোৱাদ দিয়ে । লগতে ২০১১ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বোচ্চ মুঠ ৰাণ অনুসৰণ কৰি জয়ী হোৱা দল হিচাপে পৰিগণিত হয় পাকিস্তান ।

শ্ৰীলংকাই প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৩৪৪ ৰাণ সংগ্ৰহ কৰে । শ্ৰীলংকাৰ হৈ উইকেটৰক্ষক বেটছমেন ৭৭ বলত ১২২ ৰাণৰ এক বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে । এইটো হৈছে বিশ্বকাপত তেওঁৰ প্ৰথম শতক ।

আনহাতে, সাদিৰা সামাৰাবিক্ৰমায়েও শতক অৰ্জন কৰে । তেওঁ ৮৯ বলত ১০৮ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে । পাথুম নিশাকাংই ৫১ ৰাণ কৰি আউট হয় । এটা সময়ত শ্ৰীলংকাই ৪০০ ৰাণৰ সীমা স্পৰ্শ কৰাৰ সম্ভাৱনাই দেখা দিছিল যদিও ৪০ অভাৰ পিছত পাকিস্তানী বলাৰে ছন্দ ঘূৰাই পায় । যাৰ ফলত নিয়মিত অন্তৰালত শ্ৰীলংকাৰ উইকেটৰ পতন ঘটিবলৈ আৰম্ভ কৰে আৰু ৰাণৰ গতিত গতিৰোধক লাগে । যাৰ ফলত সিংহলা বাহিনীৰ ইনিংছ ৩৪৪ ৰাণৰ পৰা আগবাঢ়িব নোৱাৰিলে ।

আনহাতে, পাকিস্তানৰ সফল বলাৰ হৈছে হাচান আলী । হাচান আলীয়ে নিজৰ ১০ অভাৰৰ কোটাত ৭১ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে । হাৰিছ ৰৌফে দুটা উইকেট দখল কৰে ।

উল্লেখ্য যে এই মেচখন হৈছে ১৯৯২ চনৰ বিশ্ব চেম্পিয়ন আৰু ১৯৯৬ চনৰ বিশ্ব চেম্পিয়ন দুই এছীয় সিংহৰ মাজত যুঁজ । আনহাতে, এদিনীয়া বিশ্বকাপৰ ইতিহাসত শ্ৰীলংকাই পাকিস্তানক এতিয়ালৈকে পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই । শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে ইতিমধ্যে সাতখন মেচত অৱতীৰ্ণ হৈছে আৰু 'মেন ইন গ্ৰীণ' আটাইকেইখনতে বিজয়ী হৈছে । বাবৰ আজমৰ নেতৃত্বাধীন দলটোৱে এই অভিলেখ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব ।

দল দুটা

শ্ৰীলংকা : পাথুম নিশাংকা, কুশল পেৰেৰা, কুশল মেণ্ডিছ (উইকেটৰক্ষক), চাদিৰা সামাৰাৱিক্ৰমা, চাৰিথ আশালংকা, ধনঞ্জয় ডি ছিলভা, দাচুন শানাকা (অধিনায়ক), দুনীশ ৱেলালাগে, মহীশ থিকশানা, মথিশা পাথিৰানা, দিলশান্ত মাদুশাঙ্কা ।

পাকিস্তান : আব্দুল্লাহ চফিকু, ইমাম-উল-হক, বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান (উইকেটৰক্ষক), সাউদ চাকিল, ইফতিখাৰ আহমেদ, মহম্মদ নৱাজ, শাদাব খান, হাচান আলী, শ্বাহিন আফ্ৰিদি, হাৰিছ ৰৌফ ।

লগতে পঢ়ক :Cricket World Cup : বাংলাদেশৰ সন্মুখত ৩৬৫ ৰাণৰ বিজয় লক্ষ্য; জয়লৈ উভতি অহাৰ লক্ষ্য ইংলেণ্ডৰ

Last Updated : Oct 10, 2023, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.